‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন!

‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন! অসমীয়া ভাষা, সাহিত্য আৰু সমাজৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনদেৱক জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ৰাজ্যবাসীয়ে। গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ফুকনদেৱ আছিল আধুনিক আৰু জাতীয় চিন্তাৰ অগ্ৰদূত, যিয়ে ‘অৰুনোদই’ৰ পাতত লিখিছিল ‘অসমীয়া ল’ৰাৰ মিত্ৰ’, ইয়াৰ লগতে ‘A few remarks on the Assamese Language’ লিখি অসমত অসমীয়া ভাষাৰ প্ৰচলনৰ পথ প্ৰশস্ত কৰিছিল। জাতীয় জীৱনৰ এইগৰাকী মহান সন্তানৰ কৃতি আৰু কৃতিত্ব সদায়ে স্মৰণীয় হৈ ৰ’ব। ওপজা দিনত মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ লগতে বিভিন্নজনে স্মৰণ কৰিছে মহীৰূহগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...