শীঘ্ৰেই লেখিকাৰূপে আত্মপ্ৰকাশ কৰিব বিপাশা বসুৱে

অভিনেত্ৰী হিচাপে যথেষ্ট জনপ্ৰিয় বলীউডৰ অভিনেত্ৰী বিপাশা বসু। মাতৃ হিচাপেও যেন যথেষ্ট দায়িত্বশীল বিপাশা। কন্যাৰ জন্মৰ পিছৰে পৰা অভিনয় জগতৰ পৰা আঁতৰি আছে বিপাশা। সম্প্ৰতি লেখিকা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ কুছকাৱাজ কৰি আছে বিপাশাই।

অভিনেত্ৰী হিচাপে যথেষ্ট জনপ্ৰিয় বিপাশা বসু
শীঘ্ৰেই লেখিকাৰূপে আত্মপ্ৰকাশ কৰিব বিপাশাই
এইবাৰ আত্মজীৱনী লিখিবলৈ সাজু হৈছে বিপাশা

দুবছৰ পূৰ্বে মাতৃ হৈছিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী। তেতিয়াৰ পৰাই কন্যা দেৱীক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে বিপাশাৰ জীৱন। কিন্তু এইবাৰ জীৱনৰ এক নতুন অধ্যায়ত ভৰি দিবলৈ ওলাইছে বিপাশা বসু।

সাহিত্যিক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে বিপাশা

কিন্তু গল্প অথবা উপন্যাস নহয়, বিপাশাৰ প্ৰথম কিতাপখনেই হব তেওঁৰ আত্মজীৱনী। জীৱনৰ বহু উত্থান-পতনৰ কথা লিপিবদ্ধ কৰিবলৈ সাজু হৈছে মোহময়ী অভিনেত্ৰীগৰাকী। জীৱনৰ ৰঙীণ কথাবোৰ, কলা অধ্যায়ৰ কথাবোৰ, সংঘৰ্ষৰ কথাবোৰ কিতাপৰ পাতত লিখিব বিপাশাই। অনেক যুদ্ধৰ পাছত জীৱনৰ ইতিবাচক দিশবোৰত কিদৰে মনোনিৱেশ কৰি আছে সেয়াও জনাব অভিনেত্ৰীগৰাকীয়ে। অনুৰাগীৰ সৈতে নিজৰ জীৱনৰ সুখ-দুখ, উত্থান-পতন শ্বেয়াৰ কৰিবলৈ সাজু হৈছে বিপাশা বসু।

২০২৫ ত মুক্তি পাব বিপাশা বসুৰ আত্মজীৱনী
এতিয়াও চূড়ান্ত হোৱা নাই আত্মজীৱনীৰ শিৰোনাম

সম্প্ৰতি অভিনয় জগতৰ পৰা আঁতৰি আছে বিপাশা বসু। তথাপি জনপ্ৰিয় অভিনেত্ৰী তথা ফিজিকেল ফিটনেচৰ আইকন হিচাপে জিলিকি আছে বিপাশা। অভিনয়ৰ পৰা বিৰতি লৈ কন্যা দেৱীৰ সৈতে অধিক সময় কটাইছে বিপাশাই।

আগন্তুক গ্ৰন্থখনে পাঠকৰ মাজত আত্ম-আৱিষ্কাৰ তথা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি বিশ্বাসী বিপাশা বসু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...