গোগামুখৰ ব’হাগী বিদায় অনুষ্ঠানত এয়া কি সৰ্বনাশ?

‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ..’। ব’হাগ অসমীয়াৰ আয়ুসৰেখা। কিন্তু এই ব’হাগতে এচাম লোকে লজ্জিত কৰিছে গোগামুখৰ অসমীয়াক। গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ব’হাগী বিদায় অনুষ্ঠানত ঘটিল অথন্তৰ। আঘাতপ্ৰাপ্ত হ’ল আছু কৰ্মীও।

‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ..’
‘ব’হাগেই আনি দিয়ে সমদল গতি..’
‘ই প্ৰভেদক কৰেহি নাশ..’
গোগামুখৰ ব’হাগী বিদায় অনুষ্ঠানত এয়া কি সৰ্বনাশ?
এচাম উদণ্ডৰ অতপালিয়ে পণ্ড কৰিলে অনুষ্ঠান
ভয়ংকৰ মাৰপিটৰ লগতে ভাঙি চূৰমাৰ গাড়ী, হাজাৰ হাজাৰ চকী
আছুৰ কৰ্মীকো প্ৰহাৰ দুৰ্বৃত্তৰ

গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ব’হাগী বিদায় উৎসৱৰ দ্বিতীয়টো দিন। অনুষ্ঠান চলি আছিল ঠিকেই। ব’হাগে আনি দিছিল সমদল গতি। চলি আছিল ৰোহিত সোণাৰৰ সংগীতানুষ্ঠান। তাৰ মাজতে ঘটিল অঘটন।
গোগামুখত এচাম উদণ্ডৰ অতপালিয়ে পণ্ড কৰিলে অনুষ্ঠান
ভয়ংকৰ মাৰপিটৰ লগতে ভাঙি চূৰমাৰ গাড়ী, হাজাৰ হাজাৰ চকী
আছুৰ কৰ্মীকো প্ৰহাৰ দুৰ্বৃত্তৰ

এচাম উদণ্ডৰ উত্পাতত ৰণথলীলৈ পৰিণত হ’ল বিহুতলী। কেৱল চকীয়েই নহয়। গাড়ীৰ গ্লাছৰো চিন মোকাম নাই। সকলো ভাঙি চূৰমাৰ। ইয়াৰোপৰি উদযাপন সমিতিৰ আছু কৰ্মীকো প্ৰহাৰ কৰিলে দুৰ্বৃত্তই।
দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবীত এতিয়া গোগামুখত আছুৱে দিছে স্থানীয় বন্ধ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এচাম দৰ্শকৰ এনে কাণ্ডই লজ্জিত কৰিছে সমগ্ৰ গোগামুখক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...