অৰণ্য সুৰক্ষা সমিতিৰ গছবিহু: আঁহতৰ তলত তিনিকুৰি নাচনীৰ নাচ

বিলাসীপাৰাৰ অৰণ্য সুৰক্ষা সমিতি অসমৰ আৰু প্ৰেৰণা মঞ্চ অসমৰ সহযোগত দেওবাৰে আই শাখাতি মন্দিৰ বাকৰিৰ এজোপা আঁহতৰ তলত অনুষ্ঠিত হোৱা গছ বিহুত উজনি নামনিৰ তিনিকুৰিৰো অধিক নাচনীয়ে বিহু নাচি এক অনন্য পৰিৱেশৰ সূচনা কৰে। আই শাখাতি মন্দিৰ প্ৰাংগন প্ৰকৃতি সংস্কৃতিৰ মিলন‌থলীত পৰিণত হয়। আই শাখাতি মন্দিৰ সমিতিৰ কাৰ্যকৰী সভাপতি অশ্বিনী দাসে গছলৈ বিহুৱান আগবঢ়াই এই বিহুৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰি কোকৰাঝাৰ জিলাৰ শিক্ষা বিষয়া জাহাঙ্গীৰ হুছেইনে জনায় যে, অৰণ্য সুৰক্ষা সমিতি অসমে সূচনা কৰা গছবিহুৱে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত নতুন চেতনাৰ জাগৰণ তুলিছে। ইয়াৰ পিছতে ঘোণাসুতি পৰীয়া বিহুৱা, শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনৰ বিহুৱা দলে বিহু হুঁচৰি পৰিৱেশন কৰে।

অনুষ্ঠানত প্ৰকৃতি আৰু বিহু শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি বিলাসী পাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই গছবিহুৱে অসমৰ বিহুৰ ঐতিহ্য মণ্ডিত ৰূপ সংৰক্ষণ কৰাত মহৎ ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। আনহাতে বিহু নৃত্যৰ বিভিন্ন শৈলীৰ বিষয়ে বিশ্লেষণ আগবঢ়ায় ফকিৰাগ্ৰাম কলেজৰ অধ্যাপক ড০ আদিত্য ডেকাই। সাপটগ্ৰাম কলেজৰ অধ্যাপক ড০ কৃষ্ঞ ৰায়ে আঁহত গছৰ সৈতে থকা আধ্যাত্মিক ভাৱনা আৰু তাৰ লগত গছ বিহুৰ সম্বন্ধ আলোকপাত কৰে। আলোচনাৰ মুখ্য আলোচকৰূপে অংশ লৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰাতুল ডেকাই বিহু প্ৰকৃতি আৰু নাৰী ওত:প্ৰোত বুলি উল্লেখ কৰি কয় যে, প্ৰকৃতিৰ কোলাতহে প্ৰকৃত শান্তি লুকাই আছে। আলোচনা সঞ্চালনা কৰি দিয়া ভাষণত অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে কয় যে, বিহুৰ মাজত নিহিত হৈ থকা প্ৰকৃতি সংৰক্ষণ মূলক পৰম্পৰাখিনি সৰোগত কৰি অৰণ্য সুৰক্ষা সমিতিয়ে গছ বিহু অনুষ্ঠিত কৰি আহিছে আৰু ৰাইজে গছবিহু আদৰি ল’বলৈ ধৰিছে। আই শাখাতিত সমিতিৰ আহ্বানৰ প্ৰতি সহাৰি জনাই গছবিহু পালনত সহযোগিতা আগবঢ়োৱা বাবে তেওঁ প্ৰেৰণা মঞ্চ অসমৰ শলাগ লয়। বিহুৰ শেষত নাচনী সকলক গছৰ পুলি বিতৰণ কৰে প্ৰেৰণা মঞ্চৰ উদ্যোক্তা, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক ছত্ৰপতি গোস্বামীয়ে। মইনা বিহুৱতী, বৰ বিহুৱতী, প্ৰেৰণা বিহুৱা দল, টেট শিক্ষয়িত্ৰী বিহুৱতীকে ধৰি বিভিন্ন প্ৰান্তৰ তিনিকুৰিৰো অধিক নাচনীয়ে গছবিহুত অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...