তিতাবৰত গ্ৰাম্য সাংবাদিক সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

জ্যেষ্ঠ সাংবাদিক তাজউদ্দীন আহমেদক প্ৰয়াত সাংবাদিক লক্ষী দত্ত সোঁৱৰণী স্মাৰক বঁটা প্ৰদান

ৰাজ্যৰ সকলো স্তৰৰ সাংবাদিক, সংবাদকৰ্মীৰ মৌলিক সমস্যাৰ লগতে সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সমস্বৰে মাত মাতি অহা ৰাজ্যৰ অন্যতম বৃহৎ সাংবাদিক সংগঠন গ্ৰাম্য সাংবাদিক সন্থাৰ তিতাবৰ মহকুমা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি আজি সন্থাৰ ষ্টেচন তিনিআলিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। দিনৰ ১ বজাত অনুষ্ঠিত হোৱা মুকলি সভাখনিত সভাপতিত্ব কৰে তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক বিমান শইকীয়াই।

সম্পাদক ইউচুফ আলীয়ে আঁত ধৰা সভাখনত তিতাবৰৰ সাহিত্যিক, সাংবাদিক প্ৰয়াত লক্ষী দত্ত সোঁৱৰণি স্মাৰক বঁটাটি বিশিষ্ট সাংবাদিক তাজউদ্দীন আহমেক প্ৰদান কৰা হয়। এই বঁটাত চেলেং গামোচা, শৰাই, বঁটা, ফুলৰ থোপা সম্বৰ্ধনা পত্ৰ আৰু নগদ ১০ হাজাৰ টকা প্ৰদান কৰা হয়। বঁটাটো গ্ৰাম্য সাংবাদিক সন্থাক আগবঢ়ায় তিতাবৰৰ অগ্ৰণী শিক্ষানুষ্ঠান কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানে। ইয়াৰ পাছতে সভাত সাংবাদিকতা জীৱনৰ কৰ্মৰাজিক সন্মান জনাই তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন শৰ্মা তামুলী, যোৰহাটৰ বিশিষ্ট সাংবাদিক তথা চৰকাৰী পেঞ্চনাৰপ্ৰাপ্ত সাংবাদিক নিৰঞ্জন মহন্তক সম্বৰ্ধনা জনোৱা হয়। কনচেপ্ট শিক্ষা প্ৰতিষ্ঠান খনৰ সঞ্চালক জিতু কুমাৰ বৰাই এতিয়াৰ পৰা প্ৰতি দুই বছৰৰ মূৰে মূৰে সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনত সন্থাই ৰাজ্যিক ভিত্তিত আগবঢ়োৱা সাংবাদিকক লক্ষী দত্ত সোঁৱৰণি স্মাৰক বঁটা আগবঢ়াই যাব বুলি উল্লেখ কৰে। মুকলি সভাত উপস্থিত থাকি তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই তিতাবৰত সাংবাদিক সকলৰ মাজত গঢ়ি উঠা পৰিৱেশক লৈ সংগঠনটোক প্ৰশংসা কৰি সন্থাৰ তিতাবৰ মহকুমা সমিতিৰ স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ কৰি দিয়াৰ ঘোষণা কৰে। সভাত লক্ষী দত্ত সোঁৱৰণি বঁটা প্ৰাপক জ্যেষ্ঠ সাংবাদিক তাজউদ্দীন আহমেদে বঁটা গ্ৰহণ কৰি প্ৰয়াত সাংবাদিক লক্ষী দত্তৰ সাংবাদিকতা জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক তথা চৰকাৰী পেঞ্চনাৰপ্ৰাপ্ত সাংবাদিক নিৰঞ্জন মহন্ত, তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন শৰ্মা তামুলীয়েও বক্তব্য আগবঢ়ায়। সন্থাৰ পতাকা উত্তোলন কৰে তিতাবৰ মহকুমা সমিতিৰ সভাপতি প্ৰনৱজ্যোতি কলিতাই আৰু স্মৃতি তৰ্পণ কৰে সন্থাৰ সম্পাদক ইউচুফ আলিয়ে।

প্ৰতিনিধি সভাখনত পৰৱৰ্তী দুবছৰৰ বাবে মৰিয়নিৰ চক্ৰসেন গগৈ, মণ্টুছ কোঁৱৰ, তীৰ্থ শইকীয়াক উপ-সভাপতি, ইউচুফ আলিক সম্পাদক, চিত্ৰকমল বেজবৰাক সহকাৰী সম্পাদক, অমৰজিৎ সিং ৰাজপুতক সাংগঠনিক সম্পাদক আৰু চাজিদ হুছেইনক বিত্ত সম্পাদক ৰূপে লৈ সন্থাৰ তিতাবৰ মহকুমা সমিতিখন গঠন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...