গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল। ভূপেন্দ্ৰ পেটেলে বিজয় ৰুপানীৰ ঠাইত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ যোশী আৰু দলৰ সাধাৰণ সম্পাদক তৰুণ চাউগৰ উপস্থিতিত দেওবাৰে আবেলি ৰাজ্যিক বিজেপিৰ বিধায়কসকলৰ এখন বৈঠকত ঘাটলোডিয়াৰ বিধায়ক ভূপেন্দ্ৰ পেটেলৰ নাম প্ৰস্তাৱ কৰা হয়।

শনিবাৰে প্রধানমন্ত্রী মোদীৰ সৈতে চর্দাৰধাম ভৱনকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰাৰ কেইঘণ্টামান পাছতেই মুখ্যমন্ত্রী ৰুপানীয়ে পদত্যাগ কৰে। বিধানসভা নির্বাচনৰ বাবে মাজত প্রায় ডেৰ বছৰ থকাৰ সময়তে মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চর্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...