আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাৰে জীপাল হ’ল শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

অসমীয়া নাটক আৰু ভাওনাক বিশুদ্ধ ৰূপত জগতসভালৈ লৈ যোৱাৰ প্ৰয়াসত বৰ্তী এদল তৰুণ তৰুণী। ইয়াৰ বাবেই “মুক্তি সাধকম্” নামেৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৱাহাটী কেম্পাচত। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে আহাৰৰ এদিন নামৰ এখনি নাট আৰু অংকীয়া ভাওনা কেলিগোপাল মঞ্চস্থ কৰে।

পৰিবেশ্য কলা বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দিপাংকৰ দত্তৰ তত্বাৱধানত এই অনুষ্ঠানটি আয়োজিত হয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সু-নিপুণ নাট্য শৈলী প্ৰকাশ পায় আহাৰৰ এদিন নাট খনত। নাটখন পৰিচালনা কৰে বিভাগীয় সহকাৰী অধ্যাপক ৰূপান্তৰ বৰপাত্ৰ গোহাঁয়ে।

আনহাতে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি ৰাজিক অমৰ কৰি ৰখাৰ লক্ষ্য ৰে বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলে বহু বাৰ বজ্ৰাৱলী ভাষাত মঞ্চস্থ কৰি আহিছে অংকীয়া ভাওনা। মুক্তি সাধকম অনুষ্ঠানটিত সহকাৰী অধ্যাপক বৰিশ দত্তৰ পৰিচালনাৰে প্ৰদৰ্শন হয় কেলিগোপাল নাট। এই অনুষ্ঠানৰ শুভাৰম্ভণী কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...