হাইলাকান্দি পৌৰসভাৰ ৫ গৰাকী নৱ নিৰ্বাচিত নির্দলীয় প্ৰাৰ্থীৰ বিজেপিত যোগদান

সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত জয় লাভ কৰা হাইলাকান্দি পৌৰসভাৰ ৫ জনকৈ নির্দলীয় প্ৰাৰ্থীয়ে আজি ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কৰা নিৰ্দলীয় বিজয়ী প্ৰাৰ্থীসকল হৈছে-হাইলাকান্দিৰ পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ মুন্না দেৱ, ৭ নং ৱাৰ্ডৰ শিল্পী দাস, ৯ নং ৱাৰ্ডৰ ৰাজু চক্ৰৱৰ্তী, ১২ নং ৱাৰ্ডৰ চম্পা সেনগুপ্তা আৰু ১৩ নং ৱাৰ্ডৰ সুৰ্পনা দাস।

বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত যোগদান কৰে ৫ জনকৈ নির্দলীয় প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে উক্ত যোগদানৰ পিছত হাইলাকান্দি পৌৰসভা ভাৰতীয় জনতা পাৰ্টিৰ দখলত অহাটো নিশ্চিত হ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...