ভাৰতীয় সেনাৰ ADG পদত দ্বিতীয়জন অসমীয়া

ভাৰতীয় সেনাৰ অতি সন্মানীয় তৃতীয় পদমৰ্যাদাৰ পদবী মেজৰ জেনেৰেলৰ দৰে গুৰুত্বপূৰ্ণ পদত নতুন দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয় সেনা ভৱনত কাৰ্যনিৰ্বাহ কৰি থকা ভাস্কৰ কলিতাক প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ NCCৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (ADG) হিচাপে নিযুক্তি দিছে। আজি নৱনিযুক্ত ADG মেজৰ জেনেৰেল ভাস্কৰ কলিতাই মেঘালয়ৰ শ্বিলঙত থকা NCCৰ উত্তৰ পূৱ মণ্ডলৰ মুখ্য কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আন এজন অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভুঞাই এ ডি জি পদত কাৰ্যনির্বাহ কৰি যোৱা ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰিছিল। জেনেৰেল ভূঞাৰ পাছত এই সন্মানীয় এ ডি জি পদত নিযুক্তি পোৱা ভাস্কৰ কলিতা হৈছে দ্বিতীয়জন অসমীয়া। উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ বাসিন্দা ভাস্কৰ কলিতা ১৯৭৫ চনত গোৱালপাৰা সৈনিক স্কুলত অধ্যয়নৰ বাবে নামভৰ্ত্তি কৰিছিল আৰু ১৯৮০ চনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ১৯৮১ চনত নেশ্যনেল ডিফেন্স একাডেমীত (NDA) অধ্যয়নৰ বাবে নিৰ্বাচিত হয়। NDAৰ পৰা ১৯৮৫ চনত উত্তীৰ্ণ হোৱাৰ পাছত ভাৰতীয় সেনাৰ কুমায়ুন ৰেজিমেণ্টত চেকেণ্ড লেফটেনেণ্ট হিচাপে সেনাত কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পাছত নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰে সেনাৰ উচ্চ পদবীলৈ পদোন্নতিসহ জম্মু কাশ্মীৰ, উত্তৰ পূবৰ বিভিন্ন ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত দায়িত্ব সুখ্যাতিৰে পালন কৰে। তাৰ পাছত ২০১৭ চনত ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদবী মেজৰ জেনেৰেললৈ তেওঁ পদোন্নতি লাভ কৰে। তাৰ পাছত বিগত চাৰিটা বছৰত অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু সেনাৰ মুখ্য কাৰ্যালয় সেনা ভৱনত কাৰ্যনিৰ্বাহ কৰে। উল্লেখযোগ্য যে, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰয়াত হৰিকান্ত কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাৰ দ্বিতীয় সন্তান ভাস্কৰ কলিতা কৰ্মসূত্ৰে প্ৰায় ৩৬ বছৰ দেশৰ বিভিন্ন প্ৰান্তত কাৰ্যনিৰ্বাহ কৰিলেই তেওঁৰ আপোন গাঁওখনৰ প্ৰতি আছে অগাধ মৰম। যাৰ বাবে মাটিৰ গোন্ধ থকা ভাস্কৰ কলিতাই সেনাৰ উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিলেও জাতীয় উৎসৱ স্বৰূপ বহাগ বিহু, মাঘ বিহু, আনকি পাৰিলে ভাদ মাহৰ এমহীয়া নামত আহিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিথি আদিতো অংশগ্ৰহণ কৰে। লগৰ বন্ধুবোৰৰ সৈতে এতিয়াও খেতি পথাৰত যোৱাৰ লগতে গাঁওখনৰ উঠি অহা প্ৰজন্মৰ বাবে কিবা এটা ইতিবাচক কাম কৰাৰ চিন্তা কৰে। আনহাতে জেনেৰেল কলিতাৰ বৰপুত্ৰ ভাৰ্গব কলিতায়ো পিতৃৰ পথ অনুকৰণ কৰি বৰ্তমান ভাৰতীয় সেনাৰ কেপ্তেইন হিচাপে কাশ্মীৰৰ অতি দুৰ্গম অঞ্চলত নিয়োজিত হৈ দেশমাতৃৰ সেৱা আগবঢ়াই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...