বিশ্বনাথ চাৰিআলি পৌৰসভাৰ উদ্যোগত ভাৰত বিকাশ সংকল্প যাত্ৰা কাৰ্যসূচী

হিতাধিকাৰীৰ মাজত উজালা গেছ সংযোগ, পদপথৰ ব্যৱসায়ীক পৰিচয় পত্ৰ বিতৰণ

বিগত ১৪ নৱেম্বৰ তাৰিখৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা “বিকশিত ভাৰত সংকল্প যাত্ৰা” কাৰ্যসূচী আজি বিশ্বনাথ চাৰিআলিতো অনুষ্ঠিত হয়। বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সংকল্প যাত্ৰাৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল। বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী বিষয়া বিচিত্ৰা দাস, উপ পৌৰপতি দীপক শইকীয়াৰ লগতে পৌৰসভাৰ নিৰ্বাচিত ৱাৰ্ড মেম্বাৰ, হিতাধিকাৰীসকল উপস্থিত থকা এই অনুষ্ঠানটি প্ৰথমতে ফিটা কাটি শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী গৰাকীয়ে। তাৰ পিছতে বিহু নৃত্য আৰু ঝুমুৰ নৃত্যৰ দুটি দলে মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰী গৰাকীক আদৰি অনা হয়।

বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰা আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে পঞ্চ সংকল্প পাঠ কৰা এই অনুষ্ঠানত নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি সভাৰ মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে কয়, দেশৰ দুৰ্গম অঞ্চলসমূহলৈকে চৰকাৰী আঁচনিসমূহৰ কাৰ্যকৰী প্ৰসাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই যাত্ৰা হৈছে এক পৰিৱৰ্তনশীল পদক্ষেপ। তেওঁ লগতে কয় বিকশিত ভাৰত সংকল্প যাত্ৰাত গুৰুত্ব দিয়া হৈছে অনাময় সুবিধা, অত্যাৱশ্যকীয় বিত্তীয় সেৱা, বিদ্যুৎ সংযোগ, এলপিজি চিলিণ্ডাৰৰ প্ৰৱেশাধিকাৰ, দৰিদ্ৰ লোকসকলৰ বাবে বাসস্থান, খাদ্য সুৰক্ষা, সঠিক পুষ্টি, নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱা পানী আদিৰ দৰে কল্যাণমূলক আঁচনিসমূহৰ লাভ প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ কাষলৈ গৈ তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰা।

তেওঁ লগতে আৰু কয়, দুখীয়াক সহায় কৰাটো আমাৰ ধৰ্ম। দৰিদ্ৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কল্যাণকামী আচঁনি সমুহৰ জৰিয়তে দুখীয়াৰ সংজ্ঞাৰ পৰা সেই শ্ৰেণীৰ জনতাক উলিয়াই অনাৰ সংকল্প লৈছে আৰু বিকশিত ভাৰত গঢ়াৰ সপোন দেখিছে । সেইদৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ যোগেদি দেখা বিকশিত অসমৰ কথাও মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰিলে।

ভাস্কৰজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিত নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি সন্মানীয় অতিথি তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ জিলাতো চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ দ্বাৰা জনসাধাৰণক কেনেদৰে উপকৃত কৰিব পৰা হৈছে বা কেনেদৰে উপকৃত কৰিব পৰা যায় সেই সম্পৰ্কে উল্লেখ কৰে।

বিশ্বনাথ জিলাতো বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই বিশেষ অনুষ্ঠানটিৰ আয়োজন কৰাৰ উদ্দেশ্যেৰ কথা উল্লেখ কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ জৰিয়তে ৰূপায়ন হোৱা চৰকাৰৰ ধ্বজাবাহী আঁচনি সমুহ যেনে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ অধীনত পিএমএওৱাই, ডিএওৱাই-এনইউএলএম, উজালা, খাদ্য সুৰক্ষা অভিযান, অৰুণোদয় আদি বহুলাষী আঁচনিসমূহ ৰূপায়ন কৰি অহাৰ কথা উল্লেখ কৰে।

এই বিশেষ অনুষ্ঠানটিত এগৰাকী সাংষ্কৃতিক কৰ্মী, নৃত্য শিল্পী পল্লবী গোস্বামী মহন্ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতি খেলুৱৈ পুৰ্ণিমা বৰাক বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আজিৰ অনুষ্ঠানত চৰকাৰৰ দ্বাৰা ৰূপায়ন কৰা জনহিতকৰ আঁচনি সমুহৰ বিষয়ে প্ৰস্তুত কৰা গুৰুত্বপূৰ্ণ কিছু দৃশ্য শ্ৰাব্য আৰু বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ অধীনত ৰূপায়ন কৰা আৰু উপকৃত হিতাধিকাৰীসকলক লৈ প্ৰস্তুত কৰা আন এটি দৃশ্য শ্ৰাব্যও এখন চলন্ত গাড়ীৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়।

আজিৰ অনুষ্ঠানটিত হিতাধিকাৰী লাচিতম্বী দেৱী, জয়ন্তী চক্ৰৱৰ্তী আৰু দীপা শৰ্মাক উজালা গেছ সংযোগ আৰু পদ পথৰ ব্যৱসায়ী পদ্ম ডুবে, বুচিয়া চাহানী আৰু তুলসী শইকীয়াক পৌৰ সভাৰ পৰা পৰিচয় পত্ৰ তথা মুখ্যমন্ত্ৰীৰ পত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানটিত বিশ্বনাথৰ স্বাস্থ্য বিভাগে পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰক ‘নিক্ষয় মিত্ৰ’, সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰা যক্ষ্মাৰোগী হিতেশ কলিতাক ‘টিবি চেম্পিয়ন’ সন্মান আৰু নাৰ্গিছ খান, বিজয় মুণ্ডা আৰু উমা বাচোৱাৰক আয়ুষ্মান কাৰ্ড বিতৰণ কৰে । ভাৰত বিকাশ সংকল্প যাত্ৰা কাৰ্যসুচী আৰম্ভ হোৱাৰ পুৰ্বে কেবিনেট মন্ত্ৰী গৰাকীয়ে মন্দিৰ আৰু বিশ্বনাথঘাট পৰিদৰ্শন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...