ৰাজ্যিক বিজেপিৰ গৃহকন্দলক লৈ মুখ খুলিছে সভাপতি ভৱেশ কলিতাই

ৰাজ্যিক বিজেপিৰ শেহতীয়া গৃহকন্দলকলৈ মুখ খুলিছে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। ‘বিজেপিৰ লক্ষ্মণ ৰেখা পাৰ নকৰিব’। দলীয় সতীর্থক সকীয়নী ভৱেশ কলিতাৰ। উপ-সভাপতি জয়ন্ত দাসৰ কাণ্ডকলৈ অসন্তুষ্ট বিজেপিৰ ৰাজ্যিক সভাপতি। ৪ জুনৰ পিছতে বিজেপিৰ অনুশাসন সমিতিৰ বৈঠক। দেশত সাধাৰণ নিৰ্বাচন চলি থকাৰ সময়তে ৰাজ্যিক বিজেপিক জোকাৰি গৈছিল কেইবাখনো পত্ৰবোমাই।

প্ৰাক্তন বিধায়ক তথা বিজেপিৰ জেষ্ঠ নেতা অশোক শৰ্মাৰ বিতৰ্কিত মন্তব্য আৰু তাৰ পিছত নেতাজনলৈ দলীয় শ্ব’কজ দিয়া ঘটনাক কেন্দ্ৰ কৰি গেৰুৱা শিবিৰত বিশেষ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে জ্বলা জুইত ঘিউ ঢালিছিল দলৰ উপ সভাপতি জয়ন্ত দাসে। দলীয় সংঘাত নিৰ্মূল কৰিবলৈ সভাপতিলৈ উদ্দেশ্য কৰি লিখা পত্ৰ নিজেই ভাইৰেল কৰিছিল সংবাদ মাধ্যমত। যাক লৈ এতিয়া চৰম অসন্তুষ্ট ভৱেশ কলিতা। নিৰ্বাচনী ব্যস্ততা সামৰিয়ে দলৰ কাৰ্যলয়ত উপস্থিত হৈ ভৱেশ কলিতাৰ মন্তব্য। উপ-সভাপতিৰ মতে দল নচলে। জয়ন্ত দাস কেৱল বিষয়ববীয়া হৈ থাকক। অসন্তুষ্ট ভৱেশ কলিতাই কলে- ‘মোলৈ দিয়া চিঠি সংবাদ মাধ্যমক আগতে কিয় দিয়া হ’ল। একপ্ৰকাৰ জয়ন্ত দাসৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

কোনোজনে নিৰ্বাচনৰ দিনাই দলৰ বিৰুদ্ধে উজাৰিছিল ক্ষোভ। পৰৱৰ্তী সময়ত এই ক্ষোভে ৰূপ লৈছিল নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত। পুৰণি বিজেপিৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে কৰ্কথনা কৰিছিল একাংশ নবিজেপিয়ে। যি ঘটনাক লৈ উপসভপাতি জয়ন্ত দাসৰ লগতে জ্যেষ্ঠ বিধায়ক মৃণাল শইকীয়াই মুকলি কৈ প্ৰকাশ কৰিছিল ক্ষোভ। ৰাজ্যিক বিজেপিয়ে এই চূড়ান্ত অনুশাসনহীনতাক লৈ বিৰোধীয়ে দূৰৰ পৰাই ৰং চোৱাৰ সময়ত লক্ষণ ৰেখা পাৰ নকৰিবলৈও দলীয় সতীৰ্থক কঠোৰ সকীয়নি ভৱেশ কলিতাৰ।

বিজেপিৰ ৰাজ্যিক সভাপতি জনে লগতে কলে – ‘৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই হ’ব ৰাজ্যিক বিজেপিৰ অনুশাসন সমিতিৰ বৈঠক । সভাপতিজনৰ স্পষ্ট ঘোষণা দলীয় অনুশাসন ভংগকাৰীক ৰেহাই দিয়া নহব’

উল্লেখযোগ্য যে, অশোক শৰ্মাই দিয়া শ্ব’কজৰ উত্তৰো সভাপতি টেবুল পোৱাৰ পূৰ্বে ভাইৰেল হৈছিল। সভাপতিয়ে পোৱাৰ পূৰ্বে জয়ন্ত দাসৰ পত্ৰও সংবাদমাধ্যত প্ৰকাশ হ’ল। তাৰ সমান্তৰালকৈ সীমা চেৰাই গৈ দলৰে ইজন নেতাই সিজনক কৰিলে কৰ্কথনা–ভৰ্ৎসনা। ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত উমি উমি জ্বলি থকা ন–পুৰণিৰ ক্ষোভৰ জুইকুৰা যেন দিনৰ পোহৰৰ দৰেই স্পষ্ট হৈ পৰিল। এই সকলো বিষয়ত এতিয়া অনুশাসন সমিতি কিমান কঠোৰ হ’ব? পুৰণি বিজেপিয়ে সমান্তৰালকৈ সীমা চেৰাই যোৱা মন্ত্ৰী–সাংসদৰ বিৰুদ্ধেও কঠোৰ হ’বনে ৰাজ্যিক বিজেপিৰ অনুশাসন সমিতি? ২০২৬ৰ পূৰ্বে দলৰ আভ্যন্তৰৰ এই সংঘাত ৰোধ কৰিবলৈ কি হ’ব ৰাজ্যিক বিজেপিৰ পদক্ষেপ? এই সকলোবোৰ স্পষ্ট হ’ব ৪ জুনৰ পিছতহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...