অলিম্পিকত যদি মেডেল আনিব নোৱাৰা; দেশলৈ ঘূৰি নাহিবা!

ক’ভিডৰ সংহাৰৰ মাজতে নিৰ্ধাৰিত সময়তকৈ এবছৰৰ পিছত হ’লেও টকিঅ’ত অনুষ্ঠিত হ’ল অলিম্পিক গেমছ। পিছে অলিম্পিকৰ সামৰণিৰ পিছত পোহৰলৈ আহিছে কেতবোৰ ভিতৰুৱা খবৰ। অলিম্পিয়ান সকলৰ প্ৰতি বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ মানসিকতাই আচৰিত কৰি তুলিব আপোনাক।

অন্ত পৰিল পষেকজোৰা টকিঅ অলিম্পিকৰ

অলিম্পিকৰ সামৰণিৰ পিছত পোহৰলৈ আহিছে বহু ভিতৰুৱা বাতৰি

অলিম্পিকত পদক অৰ্জন কৰিবলৈ কিমান আকাংক্ষা থাকিব পাৰে এখন দেশৰ?

বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ সকীয়নিয়ে আচৰিত কৰি তুলিব আপোনাক

‘অলিম্পিকত যদি মেডেল আনিব নোৱাৰা তেন্তে দেশলৈ ঘূৰি নহাটোৱে তোমালোকৰ বাবে মংগলজনক হ’ব’ – টকিঅ’ অলিম্পিকৰ আগে আগে এই সাৱধানবাণী শুনাইছিল বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোয়ে। ইয়াৰ পিছতে অলিম্পিকত নিজৰ বিফলতাৰ পিছত স্বদেশলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত লৈছে ক্ৰিষ্টিনা চিমানুস্কায়া নামৰ এগৰাকী দৌৰবিদে।

টকিঅ’ত ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ ল’বলৈ অহা খেলুৱৈ গৰাকীক অলিম্পিক চলি থকাৰ মাজতে ৪×৪০০ মিটাৰ ৰিলেত বলপূৰ্বকভাৱে অংশ ল’বলৈ কোৱা হৈছিল। এই সিদ্ধান্তক ক্ৰিষ্টিনাই আপত্তি কৰিছিল। পিছদিনা খেলুৱৈ গৰাকীক অলিম্পিকত ভাগ নোলোৱাকৈ দেশলৈ ঘূৰি যাবলৈ নিৰ্দেশ আহে। আৰু খেলুৱৈ গৰাকীয়ে ভালকৈ বুজি উঠিছিল স্বদেশলৈ ঘূৰি গ’লে ইয়াৰ পৰিণতি কি হ’ব পাৰে। বিমানবন্দৰত জাপান আৰক্ষীৰ সহায়ো বিচাৰে খেলুৱৈ গৰাকীয়ে। সমগ্ৰ ঘটনা বিয়পি পৰাৰ পিছতে স্প্ৰীন্টাৰ গৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিল পোলেণ্ড। Humanitarian visa প্ৰদান কৰা হয় ক্ৰিষ্টিনাক।

আনহাতে, এই ঘটনা সন্দৰ্ভত আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে বেলাৰুছক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। লগতে, আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে বেলাৰুছৰ দুজন প্ৰশিক্ষকক বহিষ্কাৰ কৰিছে যিয়ে স্প্ৰিণ্টাৰ ক্ৰিষ্টিনা চিমানুস্কায়াক অলিম্পিক গেমছৰ পৰা ঘৰলৈ উভতি যাবলৈ হেঁচা প্ৰয়োগ কৰিছিল। অৱশ্যে, এইবাৰৰ অলিম্পিকত বেলাৰুছে সৰ্বমুঠ ৭টা পদক অৰ্জন কৰি ৪৫ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ১টা সোণ, ৩টা ৰূপৰ লগতে ৩টা ব্ৰঞ্জৰ পদক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...