ভাৰতীয় ঘৰুৱা ক্ৰিকেটলৈ আহি আছে একাধিক পৰিৱৰ্তন, দুখন প্ৰতিযোগিতাত সলনি হ’ব নিয়ম

চলিত মাহতেই ভাৰতৰ ঘৰুৱা ক্রিকেটৰ ছিজন আৰম্ভ হ’ব। দুলীপ ট্রফীৰে এই ছিজনৰ আৰম্ভ হ’ব। তাৰ পূৰ্বে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে (বিচিচিআই) কেইবাটাও নতুন নিয়মৰ কথা ঘোষণা কৰিছে। দুলীপ ট্রফী আঞ্চলিক ফৰ্মেটত ঘূৰি অহাৰ কথা আগতেই জনোৱা হৈছিল। এইবাৰ ছৈয়দ মুছতাক আলী ট্রফী আৰু বিজয় হাজাৰে ট্রফীৰো কিছু পৰিৱৰ্তনৰ খবৰ প্ৰকাশ কৰা হৈছে।

দুলীপ ট্রফীৰে ঘৰুৱা ক্রিকেটৰ ছিজন আৰম্ভ হ’ব আৰু মহিলাৰ আন্তঃআঞ্চলিক ট্রফীৰে ইয়াৰ সমাপ্তি ঘটিব। পৰৱৰ্তী বছৰৰ এপ্রিল মাহলৈকে এই ছিজন চলিব। ঘৰুৱা ক্রিকেটত কি কি পৰিৱৰ্তন আহিব?

১) পুৰুষৰ দুলীপ ট্রফী আৰু মহিলাৰ চেলেঞ্জাৰ প্ৰতিযোগিতা এইবাৰৰ পৰা আঞ্চলিক ভিত্তিত অনুষ্ঠিত হ’ব। ছয়টা আঞ্চলিক দল গঠন কৰা হ’ব।

২) এইবাৰৰ পৰা এলিট গ্রুপৰ পৰা মাত্র এটা দলৰ অৱনমন হ’ব। প্লেট গ্রুপৰ পৰা এটা দল এলিট গ্রুপত উন্নীত হ’ব পাৰিব।

৩) ছৈয়দ মুছতাক আলি ট্রফীত এইবাৰৰ পৰা নকআউট পৰ্বৰ পৰিৱৰ্তে ছুপাৰ লীগ খেলা হ’ব।

৪) বিজয় হাজাৰে ট্রফী, মহিলাৰ এদিনীয়া ট্রফী, আৰু পুৰুষৰ অনূৰ্ধ্ব-২৩ ট্রফীত চাৰিটা এলিট গ্রুপ আৰু এটা প্লেট গ্রুপ থাকিব। জুনিয়ৰ আৰু মহিলাৰ বিভিন্ন বয়সভিত্তিক প্ৰতিযোগিতাত পাঁচটা এলিট গ্রুপ আৰু এটা প্লেট গ্রুপৰ মডেল অনুসৰণ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...