পুনৰ ৪ দিনৰ বাবে স্তব্ধ হ’ব বেংকৰ কাম-কাজ!

বেংক কৰ্মচাৰীসকলে ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচনকে ধৰি বেংক কৰ্মচাৰীৰ একত্ৰিত সংগঠনে বেংক ধৰ্মঘট ঘোষণা কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব। AIBEAৰ সাধাৰণ সম্পাদক চি এইচ ভেংকটাচলমে সকলো বেংক সংস্থা আৰু সদস্যলৈ এখন পত্ৰ জাৰি কৰি ধৰ্মঘটত অংশগ্ৰহণৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছিল। ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নে যোৱা বৰ্ষৰ ১৫ আৰু ১৬ মাৰ্চত দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ২০২১ চনৰ ১৬ আৰু ১৭ ডিচেম্বৰতো বেংকিং আইন(সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল। পুনৰ ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰিছে। ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে ২৩-২৭ ফেব্ৰুৱাৰীলৈ ৪ দিন বেংকৰ কাম-কাজ স্তব্ধ হৈ পৰিব। কিয়নো ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘটৰ পিছত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত শনিবাৰ আৰু দেওবাৰ। গতিকে ৫টা দিনৰ ৪ দিন বেংকৰ কাম-কাজ স্থবিৰ হৈ পৰাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...