পুনৰ ৪ দিনৰ বাবে স্তব্ধ হ’ব বেংকৰ কাম-কাজ!

বেংক কৰ্মচাৰীসকলে ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচনকে ধৰি বেংক কৰ্মচাৰীৰ একত্ৰিত সংগঠনে বেংক ধৰ্মঘট ঘোষণা কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব। AIBEAৰ সাধাৰণ সম্পাদক চি এইচ ভেংকটাচলমে সকলো বেংক সংস্থা আৰু সদস্যলৈ এখন পত্ৰ জাৰি কৰি ধৰ্মঘটত অংশগ্ৰহণৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছিল। ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নে যোৱা বৰ্ষৰ ১৫ আৰু ১৬ মাৰ্চত দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ২০২১ চনৰ ১৬ আৰু ১৭ ডিচেম্বৰতো বেংকিং আইন(সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল। পুনৰ ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰিছে। ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে ২৩-২৭ ফেব্ৰুৱাৰীলৈ ৪ দিন বেংকৰ কাম-কাজ স্তব্ধ হৈ পৰিব। কিয়নো ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ধৰ্মঘটৰ পিছত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত শনিবাৰ আৰু দেওবাৰ। গতিকে ৫টা দিনৰ ৪ দিন বেংকৰ কাম-কাজ স্থবিৰ হৈ পৰাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...