খহি পৰিল বঙাইগাঁও তেল শোধনাগাৰৰ বেৰ

গুৱাহাটী, ২৮ জুন, NKTV: ভাঙি পৰিল চিৰাং জিলাৰ অন্তৰ্গত বঙাইগাঁও তেল শোধনাগাৰৰ বেৰ। কোনোমতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল স্থানীয় লোক। পুৱাৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুনৰ ফলত আজি ৪ বজাত চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোগনাগাৰৰ চাৰিসীমাৰ বেৰৰ প্ৰায় ৩০ মিটাৰ অংশ আজি ভাঙি পৰে। ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই চিআইএচএফ আৰু শোধনাগাৰ কৰ্তৃপক্ষই উক্ত স্থান পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে শোধনাগাৰৰ ভাঙি পৰা এই দেৱালখনৰ ওচৰেৰে সদায়ে অহা যোৱা কৰে অজস্ৰ লোকে। জিলাখনৰ ছাতিপুৰৰ সদায় ব্যস্ত থকা গাৱলীয়া গড়কাপ্তানি পকী পথৰ কাষৰ দেৱালখন ভাগি পৰাত শংকত হৈ উঠিছে স্থানীয় লোকসকল । ভাগ্য ক্ৰমে দেৱাল খন পথৰ ফালে বাগৰি নপৰি শোধনাগাৰৰ ভিতৰৰ ফালে খহি পৰাত কথমপি ৰক্ষা পৰে বহু পথচাৰীৰ প্ৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...