খহি পৰিল বঙাইগাঁও তেল শোধনাগাৰৰ বেৰ

গুৱাহাটী, ২৮ জুন, NKTV: ভাঙি পৰিল চিৰাং জিলাৰ অন্তৰ্গত বঙাইগাঁও তেল শোধনাগাৰৰ বেৰ। কোনোমতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল স্থানীয় লোক। পুৱাৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুনৰ ফলত আজি ৪ বজাত চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোগনাগাৰৰ চাৰিসীমাৰ বেৰৰ প্ৰায় ৩০ মিটাৰ অংশ আজি ভাঙি পৰে। ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই চিআইএচএফ আৰু শোধনাগাৰ কৰ্তৃপক্ষই উক্ত স্থান পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে শোধনাগাৰৰ ভাঙি পৰা এই দেৱালখনৰ ওচৰেৰে সদায়ে অহা যোৱা কৰে অজস্ৰ লোকে। জিলাখনৰ ছাতিপুৰৰ সদায় ব্যস্ত থকা গাৱলীয়া গড়কাপ্তানি পকী পথৰ কাষৰ দেৱালখন ভাগি পৰাত শংকত হৈ উঠিছে স্থানীয় লোকসকল । ভাগ্য ক্ৰমে দেৱাল খন পথৰ ফালে বাগৰি নপৰি শোধনাগাৰৰ ভিতৰৰ ফালে খহি পৰাত কথমপি ৰক্ষা পৰে বহু পথচাৰীৰ প্ৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...