অহা ডিচেম্বৰৰ ভিতৰত সাজু হৈ উঠিব নতুন বিধানসভা ভৱন

গুৱাহাটী, ২৮ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ দিছপুৰস্থিত নতুন ভৱনটোৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় আৰু অসম বিধানসভাৰ পৰৱর্তী শীতকালীন অধিৱেশন নতুন ভৱনটোতে অনুষ্ঠিত কৰিব পৰাকৈ চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ কৰি তুলিবলৈ লােক নির্মাণ (গৃহ) বিভাগক নির্দেশ দিয়ে।

আজি অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত নির্মীয়মান বিধানসভা ভৱনৰ অৱশিষ্ট নির্মাণ কাৰ্যৰ অগ্রগতি পর্যালােচনা কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাম-কাজ খৰতকীয়া কৰি তুলিবলৈ লােক নির্মাণ (গৃহ) বিভাগৰ আয়ুক্ত ৰাজ চক্ৰৱৰ্তীক নির্দেশ দিয়ে যাতে নির্ধাৰিত সময়ৰ ভিতৰত ভৱনটোক সাজু কৰি তুলিব পৰা যায়। নতুন বিধানসভা ভৱনটোৰ ভিতৰ অংশৰ আৰ্হিত আনিব খােজা পৰিৱর্তনসমূহ পুনৰ বিবেচনা কৰিবলৈ আৰু যুদ্ধকালীন তৎপৰতাৰে কাম সম্পূর্ণ কৰাৰ বাবে যাৱতীয় প্রশাসনিক অনুমােদন বিচাৰিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ আয়ুক্তগৰাকীক নির্দেশ দিয়ে।

বৈঠকত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নােমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, লােক নির্মাণ (গৃহ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তীৰ লগতে বিভাগটোৰ অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...