‘বজৰংগী ভাইজান’ৰ মুন্নী এতিয়া কিমান ডাঙৰ হ’ল?

আপুনিও নিশ্চয় চলমান খানৰ চুপাৰহিট চিনেমা ‘বজৰংগী ভাইজান’ উপভোগ কৰিছে। চিনেমাখনৰ সেই কণমানি ছোৱালীজনীক মনত আছেনে? হয়, আমি ক’ব বিচাৰিছো ‘বজৰংগী ভাইজান’ৰ ‘মুন্নী’ চৰিত্ৰ ৰূপায়ন কৰা সেই কণমানি ছোৱালীজনীৰ কথা। ‘মুন্নী’ চৰিত্ৰ’টোৰ জৰিয়তে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল ছোৱালীজনীয়ে। কিন্তু আপোনাৰো বাৰু জানিবলৈ মন নাযায়নে সেই কণমানি ছোৱালীজনী এতিয়া কিমান ডাঙৰ হ’ল, তাই কি কৰি আছে। তেন্তে পলম কিহৰ? এই প্ৰতিবেদনৰ জৰিয়তে জানো আহকচোন বজৰংগী ভাইজানৰ সেই কণমানিজনীয়েনো এতিয়া কি কৰি আছে।

মুন্নী চৰিত্ৰত অভিনয় কৰা ছোৱালীজনীৰ প্ৰকৃত নাম হ’ল হৰ্ষালী মালহোত্ৰা (HARSALI MALHOTRA)। ২০০৮ চনৰ মুম্বাইত হৰ্ষালীৰ জন্ম হৈছিল। তেখেতৰ দেউতাক বিপুল মালহোত্ৰা আৰু কাজল মালহোত্ৰা। ২০১৫চনত হৰ্ষালীয়ে ‘বজৰংগী ভাইজান’ৰ জৰিয়তে অভিনয় জগতত ভৰি দিছিল। কণমানি মুন্নী এতিয়া ১৫ বছৰীয়া হ’ল। হৰ্ষালীয়ে এতিয়া Seven Square Academy নামৰ শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি আছে। হৰ্ষালীক এতিয়া ছ’চিয়েল মিডিয়াটো ব্যস্ত থকা দেখা যায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইন্ষ্টাগ্ৰামত প্ৰায়ে ৰীল শ্বেয়াৰ কৰে হৰ্ষালীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...