আৰক্ষীৰ জালত অসম কঁপোৱা বজালী কাণ্ডৰ ৫ দুৰ্বৃত্ত

বজালীৰ ধুমাৰকুৰত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। ৫জনীয়া দুৰ্বৃত্তৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰিছিল ইব্ৰাহিম আলী নামৰ যুৱ ব্যৱসায়ীক। প্ৰথমে দাৰে ঘপিয়াই তাৰ পাছত গুলীয়াইছিল। ইব্ৰাহিমৰ মৃত্যু হোৱাৰ লগতে এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল ইব্ৰাহিমৰ মাতৃও। অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ প্ৰৱেশ কৰিছিল দলটোৱে। ইব্ৰাহিমৰ ককায়েক ইছমাইল ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি। সেয়ে এই ঘটনাত ৰাজনৈতিক দিশ থাকিব পাৰে বুলিও সন্দেহ কৰিছিল পৰিয়ালে। চাঞ্চল্যকৰ ঘটনাৰ পাছত ক্ষুব্ধ আতংকিত হৈ পৰিছিল বজালীবাসী। বজালী জিলা কংগ্ৰেছে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী প্ৰদান কৰিছিল স্মাৰকপত্ৰ। তাৰ পাছতে
মঙলবাৰে নিশা গুৱাহাটীত অভিযান।

বজালীৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰী আৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভঞাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাণ্ডত জড়িত ৫ দুৰ্বৃত্তক। NKTVৰ হাতত সেই ঘটনাৰ চিচিটিভি ফুটেজ। গেংটোৱে প্ৰৱেশ কৰি নৃশংস আক্ৰমণ কৰিছিল ইব্ৰাহিম আলীক। তেজেৰে তুমুৰলি হৈ ঘৰৰ চৌহদতে ঢলি পৰিছিল ইব্ৰাহিম। এতিয়া সেই আক্ৰমণকাৰী আৰক্ষীৰ জালত। হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড মনোৱাৰ আলী। এটা হত্যাকাৰী হাজোৰ। এটা হত্যাকাৰী ৰঙিয়াৰ। এটা হত্যাকাৰী বৰপেটা ৰোডৰ।

মূলতঃ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাসকলৰ পৰা হয়তো পোহৰলৈ আহিব পাৰে আৰু কেতবোৰ তথ্য। আৰক্ষীৰ সফল অভিযানক লৈ সন্তুষ্ট বজালীবাসী। এতিয়া ৰাইজে বাট চাইছে হত্যাকাৰীৰ কঠোৰ শাস্তি হোৱালৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...