এজনো পাছ নকৰা চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী

একাংশ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলক লৈ উদ্বিগ্ন শিক্ষা বিভাগ। ৰাজ্যৰ ২৫খন বিদ্যালয়ত উত্তীৰ্ণ হোৱা নাই এজনো ছাত্ৰ-ছাত্ৰী। ১০ শতাংশতকৈও কম সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৭০খন বিদ্যালয়ত। ০ ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ। ডিব্ৰুগড়ৰ ছাত্ৰী কল্যাণ ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী। সদ্য ঘোষিত ফলাফলত এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা নাই বিদ্যালয়খনত। সাত দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে প্ৰধান শিক্ষকলৈ। অন্যথা চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব প্ৰধান শিক্ষকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...