এজনো পাছ নকৰা চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী

একাংশ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলক লৈ উদ্বিগ্ন শিক্ষা বিভাগ। ৰাজ্যৰ ২৫খন বিদ্যালয়ত উত্তীৰ্ণ হোৱা নাই এজনো ছাত্ৰ-ছাত্ৰী। ১০ শতাংশতকৈও কম সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৭০খন বিদ্যালয়ত। ০ ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ। ডিব্ৰুগড়ৰ ছাত্ৰী কল্যাণ ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী। সদ্য ঘোষিত ফলাফলত এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা নাই বিদ্যালয়খনত। সাত দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে প্ৰধান শিক্ষকলৈ। অন্যথা চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব প্ৰধান শিক্ষকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...