CSKৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ!

CSKৰ অনুৰাগীসকলৰ বাবে বেয়া খবৰ! কিয়নো,আঘাতৰ বাবে iplৰ ১৫সংখ্য়ক সংস্কৰণত আৰু অধিক খেলিব নোৱাৰিব CSKৰ মুখ্য বলাৰ দীপক চাহাৰে। দীপক চাহাৰে পিঠিৰ আঘাতৰ বাবে আই পি এল ২০২২ৰ পৰা বিদায় লৈছে । চেন্নাই চুপাৰ কিংছ মেনেজমেণ্টৰ বাবে এইটো এটা ডাঙৰ আঘাত। কিয়নো তেওঁলোকৰ মুখ্য বলাৰে আই পি এলৰ ১৫সংখ্য়ক সংস্কৰণৰ পৰৱৰ্তী খেলসমূহত অৱতীৰ্ণ হ’ব নোৱাৰিব। দীপক চাহাৰক তেওঁ পুৰণি ফ্ৰেঞ্চাইজিয়ে আই পি এলৰ মেগা নিলামত ১৪ কোটি টকাত ঘূৰাই আনিছিল। ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ৰ পিছত বলিং অলৰাউণ্ডাৰজনে আঘাতত ভুগিছিল,তেওঁ স্পেল সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱাৰ পিছত খেলপথাৰৰ পৰা ওলাই গৈছিল। ডাঙৰ শ্বট খেলাতো পাৰদৰ্শী চাহাৰে যোৱা বছৰ CSKৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কলকাতা নাইট ৰাইডাৰ্ছে (KKR)আই পি এল ২০২২ বৰ্ষৰ বাকী সময়ছোৱাত পেচাৰ ৰাছিখ ছালামৰ সলনি দ্ৰুত বলাৰ হৰ্ষিত ৰাণাক চুক্তিবদ্ধ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...