অযোধ্যা ৰাম মন্দিৰৰ নতুন CEO নিযুক্ত, সাক্ষাৎকাৰত প্ৰশ্ন—‘ভগৱান ৰামৰ প্ৰতি আপোনাৰ বিশ্বাস কিমান দৃঢ়?’

ৰাম মন্দিৰ ট্ৰাষ্টৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰ

অযোধ্যাৰ ৰাম মন্দিৰ পৰিচালনাত এক নতুন অধ্যায়ৰ সূচনা হৈছে। অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰক শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাতৰ অভিযোগক কেন্দ্ৰ কৰি অযোধ্যাত বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে মন্দিৰৰ বিত্তীয় আৰু প্ৰশাসনিক ব্যৱস্থাপনা অধিক সুসংগঠিত কৰাৰ লক্ষ্যৰে CEO নিযুক্তিৰ সিদ্ধান্ত লোৱা হয়।

ভাৰতীয় বায়ুসেনাৰ তথ্য অনুসৰি, জীতেন্দ্ৰ মিশ্ৰই ৬ ডিচেম্বৰ ১৯৮৬ত যুঁজাৰু বিমানৰ পাইলট হিচাপে বায়ুসেনাত যোগদান কৰিছিল। তেওঁ পুনেৰ নেচনেল ডিফেন্স একাডেমী, বেংগালুৰুৰ এয়াৰ ফ’ৰ্চ টেষ্ট পাইলট স্কুল, আমেৰিকাৰ এয়াৰ কমাণ্ড এণ্ড ষ্টাফ কলেজ আৰু ব্ৰিটেইনৰ ৰয়েল কলেজ অৱ ডিফেন্স ষ্টাডিজৰ প্ৰাক্তন ছাত্ৰ।

যুঁজাৰু বিমানৰ অভিজ্ঞ পাইলট তথা পৰীক্ষামূলক পাইলট হিচাপে তেওঁৰ ৩,০০০ ঘণ্টাতকৈ অধিক উৰণৰ অভিজ্ঞতা আছে। তেওঁ ‘অতি বিশিষ্ট সেৱা পদক’ আৰু ‘বিশিষ্ট সেৱা পদক’ লাভ কৰিছে।

ইফালে, ট্ৰাষ্টত মদন মোহন পাণ্ডে, মহেশ ভাগচন্দকা আৰু নিৰ্মলা যাদৱ—এই তিনিজন নতুন সদস্যকো অন্তৰ্ভুক্ত কৰা হৈছে।

CEO পদৰ বাবে ট্ৰাষ্টে লাভ কৰা প্ৰায় ৫,২০০টা আবেদনৰ মাজৰ পৰা ১৮জন প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে বাছনি কৰা হৈছিল। আগষ্টৰ আৰম্ভণিতে সাক্ষাৎকাৰ অনুষ্ঠিত হয়।

সাক্ষাৎকাৰত প্ৰাৰ্থীসকলক প্ৰশাসনিক দক্ষতাৰ লগতে ব্যক্তিগত বিশ্বাস আৰু জীৱনশৈলী সম্পৰ্কেও প্ৰশ্ন কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল—“আপুনি সুৰাপান কৰে নেকি?”, “আপুনি যজ্ঞোপৱীত (জনেৱ) পৰিধান কৰে নেকি?” আৰু “ভগৱান ৰামৰ প্ৰতি আপোনাৰ বিশ্বাস কিমান দৃঢ়?” আদি প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...