এতিয়াৰে পৰা এটা প্ৰকল্পৰ বিপৰীতে একাধিক ঠিকাদাৰে নাপাব কাম

গুৱাহাটী, ১৬ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত কার্যালয় সভাকক্ষত জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ এখন যুটীয়া বৈঠকত অংশ লৈ বিভাগ দুটাৰ দ্বাৰা ৰূপায়িত হােৱা বিভিন্ন প্ৰকল্পৰ বিতং বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে যথাসম্ভৱ কম সময়ৰ ভিতৰতে ১ লাখ হেক্টৰ ভূমি সামৰি ৰূপায়ণ কৰিবলগীয়া দুটা জলসিঞ্চন প্রকল্পৰ প্ৰস্তাৱ কৰিবলৈ জলসিঞ্চন বিভাগক নির্দেশ দিয়ে। জলসিঞ্চন বিভাগৰদ্বাৰা ৰূপায়িত একোটা প্রকল্পত একাধিক কাৰ্যবাহী অভিযন্তাই বৈদ্যুতিক, কাৰিকৰী আদিকে ধৰি বিভিন্ন দিশত জড়িত হৈ কাম কৰাৰ লগতে এই অভিযন্তা সকলৰ মাজত প্রয়ােজনীয় সমন্বয়ৰ অভাৱৰ ফলস্বৰূপে প্রকল্প ৰূপায়ণৰ গতি হ্রাস পােৱা বুলি মুখ্যমন্ত্রী ড° শৰ্মাই বৈঠকত মন্তব্য কৰে। এই দিশৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগটোৰ অন্তৰ্গত ১০টা ‘টেৰিটৰিয়েল ডিভিজন’ গঠন কৰিবলৈ নির্দেশ দিয়ে। এনেদৰে গঠন কৰিবলগীয়া প্ৰতিটো ডিভিজন এজনকৈ কাৰ্যবাহী অভিযন্তাৰ অধীনত পৰিচালিত হ’ব বুলি তেওঁ কয়। মুখ্যমন্ত্রী শর্মাই বিভাগটোৰ পুনৰ গঠনৰ জৰিয়তে সময় সাপেক্ষভাৱে প্রকল্প ৰূপায়ণ কৰিবলৈ জলসিঞ্চন বিভাগক অধিক কার্যক্ষম কৰি তােলাৰ ওপৰত জোৰ দিয়ে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই এটা প্রকল্পৰ বিপৰীতে একাধিক ঠিকাদাৰ নিয়ােগ কৰাৰ পৰা বিৰত থকাৰ লগতে দীর্ঘকাল ধৰি অসম্পূর্ণ হৈ থকা সকলাে প্ৰকল্পৰ কাম অতিশীঘ্রে বন্ধ কৰিবলৈ নির্দেশ দিয়ে। অসংখ্য ক্ষুদ্র পর্যায়ৰ জলসিঞ্চন প্রকল্পৰ পৰিৱর্তে মুখ্যমন্ত্রী শর্মাই নির্দিষ্ট সংখ্যক বৃহৎ প্রকল্প ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। তদুপৰি কুলসী নদীৰ ওপৰত এটা বৃহৎ শক্তি আৰু জলসিঞ্চন প্রকল্প নিৰ্মাণৰ দিশত চিন্তা-চৰ্চা কৰিবলৈও বিভাগক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ভূমি সংৰক্ষণ বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগক ভূমি আৰু জল সংৰক্ষণৰ বাবে ৰূপায়ণ কৰা প্ৰকল্পৰ চাহিদা মূল্যাংকন কৰিবলৈ নির্দেশ দিয়ে। বর্তমানে ৰূপায়িত হৈ থকা সকলাে প্রকল্প শীঘ্ৰে সম্পূৰ্ণ কৰি তােলাৰ লগতে মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগক ভূমি সংৰক্ষণ প্রকল্পৰ বাবে অধিক চাহিদা সৃষ্টি কৰিবলৈ পদক্ষেপ লােৱাৰ বাবে আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...