কেনেকৈ বিশ্বাস কৰে মৰমৰ ‘বাবু’ যে আৰু নাই…

গুৱাহাটী পৌৰ নিগম, SDRF আৰু NDRFৰ যৌথ প্ৰচেষ্টাত দেওবাৰে পুৱা ৮ বাজি ৪৫ মিনিটত ৰাজগড় তিনিআলিৰ সমীপৰ অপূৰ্ব সিংহ পথৰ আণ্ডাৰ গ্ৰাউণ্ড নলাৰ ভিতৰত ওলাল ফুলি, উৱলি যোৱা ৮ বছৰীয়া কণমানি অবিনাশ সৰকাৰৰ মৃতদেহটো। বৃহস্পতিবাৰে নিশা অহা মুষলধাৰ বৰষুণজাকৰ সময়ত প্ৰায় ১০.৩০ বজাত দেউতাকৰ হাতৰ পৰা এৰা খাই পানীৰ ধলৰ সৈতে নলাত অবিনাশ পৰি যোৱাৰে পৰা প্ৰায় প্ৰতিটো মুহূৰ্তৰে বাতৰি সংগ্ৰহ কৰিছে আমাৰ সাংবাদিকে। আজি অবিনাশৰ মৃতদেহ উদ্ধাৰৰ সময়তো ঘটনাস্থলীত আছিল আমাৰ সাংবাদিক।
দেওবাৰে পুৱা তেতিয়া প্ৰায় ৮ বাজিছিল। এক্সকেভেটৰে খুলি পেলাইছিল নলাৰ শ্লেব। নিশাই দেওবাৰৰ উদ্ধাৰ অভিযানৰ বাবে পৌৰ নিগমে তৈয়াৰ কৰিছিল বিশেষ নক্সা।

ৰাজগড় তিনিআলিৰ সমীপৰ অপূৰ্ব সিংহ পথৰ আণ্ডাৰ গ্ৰাউণ্ড নলাৰ শ্লেব জেচিবিয়ে খুলি পেলোৱাৰ পিছতে পোহৰলৈ আহিছিল বীভৎস দৃশ্য। নলাৰ ভিতৰত কংক্ৰিটৰ মহানগৰীৰ অভিজাত লোকৰ আভিজাত্যৰ নমুনা। শ শ প্লাষ্টিকৰ বটল, একক ব্যৱহাৰ্য প্লাষ্টিক, কাপোৰ আৰু আৱৰ্জনাৰে ভৰি আছে নলা। উদ্ধাৰ অভিযানত পদে পদে প্ৰত্যাহ্বান। নিজৰ সুৰক্ষাৰ কথা ভাবিবলৈ অৱকাশেই নাছিল SDRFৰ জোৱানৰ।

বিশেষ পোচাক পৰিধান কৰি নলাত নামি পৰিছিল SDRFৰ জোৱান। কিন্তু নাই, নলাত ভৰ্তি হৈ থকা আৱৰ্জনাৰ বাবেই দুৰূহ হৈ পৰিছিল উদ্ধাৰ কাৰ্য। পুনৰ এক্সকেভেটৰৰ জৰিয়তে আঁতৰ কৰা হ’ল জাঁৱৰ। মাজে মাজে কিনকিনিয়া বৰষুণ। কিন্তু দোবালপিটা বৰষুণ আহিলেও অবিনাশক উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ আছিল উদ্ধাৰকাৰী দল।

পুনৰ নলাৰ ভিতৰলৈ নামি গ’ল SDRFৰ জোৱান। এজনে নলাৰ এন্ধাৰ গহ্বৰত প্ৰত্যক্ষ কৰিলে এটা মৃতদেহ। মানুহৰ যেনেই আছিল মৃতদেহটো। কিন্তু এন্ধাৰৰ বাবে স্পষ্টকৈ দেখা পোৱা নাছিল।

মৃতদেহটোৰ উমান পাই যুদ্ধকালীনভাৱে তৎপৰ হৈ পৰিল উদ্ধাৰকাৰী দলটো। তেতিয়ালৈ সকলো প্ৰায় নিশ্চিত হৈছিল সেয়া নিৰুদ্দিষ্ট অবিনাশৰে মৃতদেহ। ষ্ট্ৰেছাৰ আৰু মৃতদেহৰ বাবে বগা কাপোৰ বেগ লৈ দৌৰি আহিল উদ্ধাৰকাৰী বাহিনীৰ এটা দল। নলাৰে বৈ থকা ক’লা লেতেৰা পানীৰ সোঁতত দৃষ্টি নিবদ্ধ হৈছিল সকলোৰে। বুকুৰ ধপধপনি বোৰ বাঢ়ি গৈছিল। কেইমুহূৰ্তমানৰ পিছতে নলাৰ পানীৰ সোঁতৰ সৈতে ওলাই আহিল অবিনাশৰ প্ৰায় উৱলি যোৱা কণমানি দেহটো।

প্ৰায় ৬০ ঘন্টাতকৈও অধিক সময় ধৰি পানীৰ তলত থকা বাবেই মৃতদেহটো ফুলি গৈছিল। দেহৰ বিভিন্ন অংশত আঘাতৰ চিন। সম্ভৱতঃ কেইবাকিলোমিটাৰৰ নলাত পানীৰ সোঁতৰ সৈতে উটি যাওঁতে দেহটোত পোৱা আঘাত সেয়া। অবিনাশৰ মৃতেদহ উদ্ধাৰৰ সেই ক্ষণ উদ্ধাৰকাৰী দলৰ বাবে সাফল্যৰ ক্ষণ আছিল। কিন্তু কণমানিটিৰ মৃত্যুয়ে সমানেই মৰ্মাহত কৰিছিল সকলোকে।

মৃতদেহটো উদ্ধাৰ কৰি তৎকালীনভাৱে লৈ যোৱা হৈছিল GMCHৰ মৰ্গলৈ। পৰিয়ালক খবৰ দিয়া হৈছিল। মৰ্গত অবিনাশৰ দেহত থকা কাপোৰেৰেই দেউতাকে চিনাক্ত কৰিছিল তাক। সকলো মৰ্গলৈ ঢাপলি মেলিছিল। মৰ্গত আন এক অবৰ্ণনীয় পৰিবেশ তেতিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...