শ্বেন ৱাৰ্ণৰ মৃত্যুক লৈ কিয় চলিছে চৰ্চা?

কিম্বদন্তী শ্বেন ৱাৰ্ণৰ মৃত্যুক লৈ এতিয়াও চৰ্চা অব্যাহত। লেগ স্পীনাৰজনৰ মেনেজাৰে শেহতীয়াকৈ জনায়েছে যে মৃত্যুৰ দুসপ্তাহ পূৰ্বে বুকুৰ বিষত ভুগিছিল শ্বেন ৱাৰ্ণ। এই সময়ছোৱাতে কঠোৰ খাদ্যভ্যাস মানি চলিছিল অষ্ট্ৰেলিয়াৰ বিশ্ব খ্যাত তাৰকাজনে।

কেৱল পনীয়া আহাৰ হে গ্ৰহণ কৰিছিল শ্বেন ৱাৰ্ণে।মেনেজাৰ জনৰো শ্বেন ৱাৰ্ণৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যৃ হোৱাৰ সন্দেহ।

লেগ স্পীনাৰজনে শৰীৰৰ ওজন কমাবৰ বাবেও চেষ্টা চলাইছিল বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মেনেজাৰজনে। ইফালে এতিয়াও শেষকৃত্য সম্পন্ন হোৱা নাই শ্বেন ৱাৰ্ণৰ।

এতিয়া কিম্বদন্তী জনৰ মৃতদেহ থাইলেণ্ডতে আছে। মৃতদেহ অষ্ট্ৰেলিয়ালৈ নিয়াৰ বাবে চলাই আছে প্ৰক্ৰিয়া। পৰিয়ালৰ লোকে সঘন যোগা যোগ কৰি আছে থাইলেণ্ডৰ দূতাবাসৰ সৈতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...