ৰাম মন্দিৰৰ নামত ভুৱা QR CODEৰ জৰিয়তে বৰঙণি সংগ্ৰহৰ চেষ্টা

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাজত মাথো কেইটামান দিন। ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে উদ্বোধনী অনুষ্ঠানৰ সকলো প্ৰস্তুতি। ইয়াৰ মাজতে ৰাম মন্দিৰৰ নামত বৰঙণি সংগ্ৰহৰ বাবে সক্ৰিয় হৈ উঠিছে এটা চক্ৰ। ভুৱা QR ক’ডৰ জৰিয়তে ৰাম মন্দিৰ নিৰ্মাণৰ নামত বৰঙণি সংগ্ৰহত নামিছে এই চক্ৰটো। এনে চক্ৰটোৰ ফান্দত ভৰি নিদিবলৈ ইতিমধ্যে দেশবাসীক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানচালে এই বাৰ্তাযোগে এই কথা সদৰী কৰি কয় যে এই ভুৱা QR ক’ডৰ জৰিয়তে ৰাম মন্দিৰৰ বৰঙণি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে ‘শ্ৰীৰাম জনমভূমি তীৰ্থ ছত্ৰ অযোধ্যা, উত্তৰপ্ৰদেশ’ নামৰ এটা পেজৰ জৰিয়তে। ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰা হৈছে এই বৰঙণি সংগ্ৰহৰ বিষয়ে। ছ’চিয়েল মিডিয়াৰ পেজত এই ভুৱা QR ক’ডো অন্তৰ্ভুক্ত কৰা হৈছে। এই চক্ৰটোৰ বিষয়ে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ লগতে দিল্লী আৰু উত্তৰপ্ৰদেশ আৰক্ষীকো অৱগত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...