শোকাৱহ! নাও ডুবি মৃত্যু ৭৮জন লোকৰ

পুনৰ সংঘটিত হ’ল আন এক শোকাৱহ ঘটনা। এইবাৰ বৃহৎ হ্ৰদত নাও বুৰি প্ৰাণ গ’ল ৭৮ জন লোকৰ। কেমেৰাত বন্দী হ’ল চলন্ত অৱস্থাতে পানীত নাওখন বুৰ যোৱাৰ দৃশ্য। অতিৰিক্ত যাত্ৰী কঢ়িওৱাৰ বাবে নাওখন বুৰ যায় গভীৰ হ্ৰদত। এই ঘটনা সংঘটিত হৈছে কংগোৰ কিভু হ্ৰদত। বহুসংখ্যক যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে। দৃশ্যটো প্ৰথমে গোৱাৰ বুলি একাংশই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। গোৱা আৰক্ষীয়ে পিছত স্পষ্ট কৰে প্ৰকৃততে এই ঘটনা কংগোৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ঘটনা দুদিন পূৰ্বে সংঘটিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...