বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে

0 498

শীঘ্ৰে ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আজি মুকলি কৰা হ’ব এটা অত্যাধুনিক টেলিস্ক’প।

২০ বছৰজোৰা নাছাৰ বিজ্ঞানীৰ এটা দলৰ প্ৰচেষ্টাই বাস্তৱ ৰূপ লাভ কৰিব আজি। এই অত্যাধুনিক টেলিস্ক’প মুকলিৰ সময়তে চৰ্চালৈ আহিছে অসমৰ এজন যুৱ বিজ্ঞানীৰ নাম।

যোৰহাট চোলাধৰাৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী ৰংমন বৰদলৈয়ে এদল বিজ্ঞানীৰ সৈতে জড়িত হৈ আহিছিল এই গৱেষণাত। নাছাৰ হাবল্ টেলিস্ক’পতকৈও তিনিগুণ শক্তিশালী এই নতুন টেলিস্ক’পটোৰ নাম ৰখা হৈছে জেমছ ৱেব স্পেছ টেলিস্ক’প।

আমেৰিকাৰ নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰচিটীৰ সহযোগী অধ্যাপকৰূপে কৰ্মৰত ৰংমন বৰদলৈৰ লগতে এই টেলিস্ক’পটোৰ নিৰ্মাণত জড়িত আছিল আন এদল মাৰ্কিন বিজ্ঞানী। ৰংমন বৰদলৈয়ে যোৰহাট বাল্য ভৱনৰ ছাত্ৰ আছিল।

Leave A Reply

Your email address will not be published.