অসমৰ সন্তান তথা বিজ্ঞানী ড০ ৰুবুল মাউতৰ নেতৃত্বত আমেৰিকাত আৰম্ভ হৈছে গুৰুত্বপূৰ্ণ গৱেষণা। আমেৰিকাৰ Cincinnati Children’s Hospital Medical Center (CCHMC)-ৰ Division of Immunobiology, Division of Oncology আৰু Center for Stem Cell and Organoid Medicine (CuSTOM)-ৰ অধীনত ড০ ৰুবুল মাউতৰ গৱেষণাগাৰ ‘Mout Lab’ত উন্নত প্ৰটিন ডিজাইন আৰু ইমিউন’লজীভিত্তিক গৱেষণাক গুৰুত্ব দিয়া হৈছে।

মাউত লেবৰ মূল লক্ষ্য হৈছে অত্যাধুনিক প্ৰটিন-ভিত্তিক প্ৰযুক্তিৰ জৰিয়তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ কৰ্কট ৰোগৰ ভেকচিন আৰু ইমিউন’থেৰাপী বিকশিত কৰা।

লেবটোৰ গৱেষণাৰ অন্যতম ক্ষেত্ৰ হৈছে de novo protein design and humanization, T-cellৰ কাৰ্যক্ষমতা বৃদ্ধি, বয়স বৃদ্ধিৰ লগে লগে হ্ৰাস পোৱা T-cellৰ বিকাশ পুনৰুজ্জীৱিত কৰা আৰু কৰ্কট ভেকচিনৰ বাবে বিশেষ dendritic cell population বিকশিত কৰা।
ড০ ৰুবুল মাউতে পূৰ্বে ন’বেল বঁটা বিজয়ী বিজ্ঞানী ডেভিড বেকাৰৰ গৱেষণাগাৰত computational protein design-ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁ Harvard Medical Schoolতো Stem Cell and Regenerative Biology ক্ষেত্ৰত গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাই জটিল প্ৰটিন গঠন আৰু কোষৰ বিকাশ, বিশেষকৈ immune cell development সম্পৰ্কে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
CCHMCৰ মাউত লেবত ইতিমধ্যে Postdoctoral Fellow পদৰ বাবে গৱেষক নিয়োগৰো সুযোগ সৃষ্টি হৈছে। জীৱবিজ্ঞান, ইমিউন’লজী বা সংশ্লিষ্ট ক্ষেত্ৰত PhD/MD থকা প্ৰাৰ্থীক এই গৱেষণাৰ সৈতে জড়িত হোৱাৰ সুযোগ দিয়া হৈছে।
অসমৰ এগৰাকী বিজ্ঞানীৰ নেতৃত্বত আমেৰিকাৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত কৰ্কট ৰোগৰ নতুন চিকিৎসা আৰু ভেকচিন বিকাশৰ দিশত চলা এই গৱেষণা ৰাজ্যখনৰ বাবেও এক উল্লেখযোগ্য গৌৰৱৰ বিষয়।
