ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল। সোমবাৰে অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাই আনুষ্ঠানিকভাৱে অসম দলটোক শুভেচ্ছা জনায়। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হয় এই অনুষ্ঠানৰ। অনুষ্ঠানত অসম দলৰ কিট মুকলি কৰাৰ লগতে খেলুৱৈসকলৰ মাজত বিতৰণ কৰা হয়। এই অনুষ্ঠানটোত উপস্থিত থাকে ক্ৰীড়া সচিব কে জে হিলালি, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ চীফ দ্য মিচন হেমন্ত কুমাৰ কলিতা আৰু নয়নমণি শইকীয়া। উল্লেখ্য যে, এইবাৰ গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ নলয় অসমৰ দুই বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...