ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল। সোমবাৰে অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাই আনুষ্ঠানিকভাৱে অসম দলটোক শুভেচ্ছা জনায়। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হয় এই অনুষ্ঠানৰ। অনুষ্ঠানত অসম দলৰ কিট মুকলি কৰাৰ লগতে খেলুৱৈসকলৰ মাজত বিতৰণ কৰা হয়। এই অনুষ্ঠানটোত উপস্থিত থাকে ক্ৰীড়া সচিব কে জে হিলালি, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ চীফ দ্য মিচন হেমন্ত কুমাৰ কলিতা আৰু নয়নমণি শইকীয়া। উল্লেখ্য যে, এইবাৰ গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ নলয় অসমৰ দুই বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...