অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল নকৰিলেও হ’লহেঁতেন : মুখ্যমন্ত্ৰী

অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল নকৰিলেও হ’লহেঁতেন। স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মেট্ৰিকৰ অসমীয়া পৰীক্ষা বাতিল কৰাৰ পিছত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনে। শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসমীয়াকে ধৰি ভাৰতীয় ভাষাসমূহৰ প্ৰশ্নকাকত লোহিত খাবলু পৰীক্ষা কেন্দ্ৰৰ পৰা ফাদিল হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে নিশা টুইটযোগে ছেবাক পৰীক্ষা বাতিলৰ পৰামৰ্শ দিছিল। সেই অনুসৰি ছেবাই পৰীক্ষা বাতিল কৰি ১ এপ্ৰিলত পুনৰ পৰীক্ষাৰ দিন ঘোষণা কৰিছিল। লোহিত খাবলু কেন্দ্ৰৰ পৰা বিক্ৰী কৰা প্ৰশ্নকাকতসমূহ মাজুলীত উদ্ধাৰ কৰাৰ বাবেই পৰীক্ষা বাতিলৰ প্ৰয়োজনীয়তা নাছিল যদিও ছাত্ৰ-ছাত্ৰীৰ কথা ভাবিয়েই পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...