সলনি হ’ল গুৱাহাটীৰ বহু পথৰ নাম, কোনটো পথৰ কি নাম?

মহানগৰীত পূৰ্বৰ নাম সলনি কৰি নতুনকৈ নামকৰণ কৰা হ’ল বহু পথৰ। পূৰ্বে নাৰেংগী-ছয়মাইল সংযোগী পথটো প্ৰথমে VIP পথ নামেৰে জনাজাত আছিল যদিও এই পথৰ নাম সলনি কৰি “মাধৱদেৱ পথ” নামাকৰণ কৰা হ’ল।
একেদৰে নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথটো নাৰেংগী-চন্দ্ৰপুৰ পথ নামেৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত জনাজাত আছিল যদিও পিছলৈ এই পথটো হোমেন বৰগোহাঞি পথ নামেৰে নামকৰণ কৰা হ’ল। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত নামকৰণ কৰি শুভাৰম্ভ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিছিল।
নতুনকৈ পথ নামকৰণ কৰা হ’ল ঠিকেই, পিছে সৰ্বসাধাৰণ ৰাইজৰ মাজত এতিয়াও নাৰেংগী-ছয়মাইল পথটো VIP পথ আৰু একেদৰেই নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথটো নাৰেংগী চন্দ্ৰপুৰ পথ নামেৰে ৰাইজৰ মাজত প্ৰচলিত হৈ আছে।
কেৱল এই দুটা পথেই নহয়, নাৰেংগী-জু ৰোড সংযোগী পথটো মাদাৰ টেৰেছা পথ নামেৰে নামকৰণ হ’ল যদিও সৰ্বসাধাৰণ বহু ৰাইজে এতিয়াও নতুন নামকৰণ কৰা পথৰ নতুন নামটো নাজানে।
জালুকবাৰীৰ নাম ৰাজীৱ চ’ক কৰিছিল, অধিকাংশ গুৱাহাটীৰ ৰাইজে ৰাজীৱ চ’ক বুলি উচ্চাৰণ নকৰে। আনহাতে, RG বৰুৱা পথটো আজিও জু ৰড বুলিহে বেছি জনাজাত। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ পথৰ নামো বহু লোকে নাজানে।
এসময়ত Assamক Asom কৰা হ’ল যদিও চৰকাৰৰ ঘৰতে সেই নতুন নামে মান্যতা নাপালে। নামটো সলনিক লৈ অসমত দীৰ্ঘদিনীয়া বিতৰ্কৰো সৃষ্টি হৈছিল।
নাম সলনি কৰত আপত্তি নাই কিন্তু স্থানীয় ৰাইজ, দল-সংগঠনৰ সৈতে কিছু আলোচনাৰ প্ৰয়োজনীয়তা আছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...