কাইলৈ দাহন হ’ব ২,৪৭৯টা গঁড়ৰ খড়্গ

বোকাখাতত গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি সম্পূৰ্ণ। অসমৰ ৭টা স্থানৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ ২৬২৩টা গঁড়ৰ খৰ্গৰ ভিতৰৰ ২৪৭৯টা খৰ্গ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আনি বোকাখাত মহকুমা কোষাগাৰত মজুত কৰে। নগাওঁ, মৰিগাওঁ, গোলাঘাট, বোকাখাত, কাজিৰঙা, বিশ্বনাথ,আদিৰ পৰা গঁড়ৰ খৰ্গ সমূহ আনি মজুত ৰাখিছে বোকাখাতত। ২২ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৪৭৯টা খৰ্গ দহন কৰিব। ইয়াৰে বিভিন্ন আকাৰৰ ৯৪টা খৰ্গ পুনৰ সংৰক্ষণ কৰি ৰখাৰ লগতে ৫০টা খৰ্গ আদালতৰ বিচাৰধীন হৈ থকাৰ বাবে মজুত ৰাখিছে বন বিভাগে। ইয়াৰে ২৪৭৯টা খৰ্গ দাহনৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত যুদ্ধকালীন তৎপৰতাৰে কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে বিশাল আয়োজন চলাইছে। কোষাগাৰত সংৰক্ষিত খৰ্গ ইতিমধ্যে ৩১ টা বাকচত ভৰাই বোকাখাতৰ কোষাগাৰলৈ স্থানান্তৰিত কৰিছে। খৰ্গ দাহনৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬টা চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰা হৈছে। একেদৰে আইনাত সূৰ্যৰ ৰশ্মি প্ৰতিফলন ঘটাই গঁড়ৰ খৰ্গ দাহনৰ ব্যবস্থা কৰিছে বন বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...