২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

অহা ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। প্ৰতিটো শ্ৰেণীকোঠাত থাকিব পাৰিব ৩০জনকৈ ছাত্ৰ-ছাত্ৰী। প্ৰয়োজনত বৃদ্ধি কৰা হ’ব পাৰে শ্ৰেণীকোঠাৰ শাখাৰ সংখ্যা। পৰ্যায়ক্ৰমে আৰম্ভ হ’ব আন শ্ৰেণীৰো পাঠদান।  আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলত এই কথা জানিবলৈ দিয়ে।

লগতে, শিক্ষামন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰতিজন শিক্ষাৰ্থী আৰু শিক্ষকে ক’ভিড বিধি মানি চলিব লাগিব।উল্লেখ্য যে, যোৱা এপ্রিল মাহৰ মাজভাগৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্রেক্ষিতত যোৱা আগষ্ট মাহলৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান সম্পূর্ণৰূপে বন্ধ হৈ আছিল। শেহতীয়াকৈ ৰাজ্যখনত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে যোৱা এক ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি কৰাৰ লগতে পূর্বৰ বাধ্যবাধকতাসমূহ যথেষ্ট শিথিল কৰি দিয়ে। আনকি যোৱা ৬ ছেপ্টেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক–স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ শ্রেণীসমূহৰ পাঠদান প্রক্রিয়াও শিক্ষানুষ্ঠানত আৰম্ভ কৰে। এতিয়া চৰকাৰে দশম আৰু একাদশ শ্রেণীৰ পাঠদান শিক্ষানুষ্ঠানত আৰম্ভ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে কৰা মন্তব্যত ছাত্র–ছাত্রী, অভিভাৱকসকলৰ লগতে শিক্ষকসকলো উৎসাহিত হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...