২ মহিলা সাংবাদিকক আটক অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা শিলচৰলৈ যোৱাৰ পথত HW News Networkৰ ২ গৰাকী সাংবাদিক, সমৃদ্ধি কে চাকুনিয়া আৰু স্বৰ্ণ ঝাক আটক কৰিছে। HW News Networkৰ দ্বাৰা এটা আনুষ্ঠানিক বিবৃতিত নিশ্চিত কৰা হৈছে এই খবৰ।

এইচ ডব্লিউ নিউজ নেটৱৰ্কে বিবৃতিটোত কয়, “অসম আৰক্ষীয়ে কৈছে যে আমাৰ সাংবাদিক সকলৰ বিৰুদ্ধে তেওঁলোকৰ কোনো গোচৰ নাই কিন্তু ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ কৈছে।”

দেওবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত বিবৃতিটো শ্বেয়াৰ কৰাৰ সময়ত সমৃদ্ধি কে চাকুনিয়াই কয় যে তেওঁলোকক অসমৰ কৰিমগঞ্জ জিলাৰ নীলামবজাৰ আৰক্ষী থানাত আটক কৰা হৈছে। তেওঁ কয় যে, নীলামবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মতে, ত্ৰিপুৰাৰ গোমতী জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত তেওঁলোকক আটক কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...