আজি শ্বহীদ দিৱস! ৮৫৫ বীৰ শ্বহীদক ৰাজ্যজুৰি স্মৰণ

আজি শ্বহীদ দিৱস। অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে। প্ৰতিবছৰে ১০ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উছৰ্গা কৰা ৮৫৫জন শ্বহীদৰ স্মৃতিত পালন কৰি অহা হৈছে এই শ্বহীদ দিৱস। অসম আন্দোলন হৈছে ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। ১৯৭৯ৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয় ।

এই ঘটনাৰ পিছতেই প্ৰথমে অহিংসভাৱে আৰম্ভ হোৱা আন্দোলনে ধাৰণ কৰে হিংসাত্মক ৰূপ। ফলত আৰু অসম আন্দোলনত প্ৰাণ আহুতি দিবলগীয়া হয় ৮৫৪ জনে।

এই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে শ্বহীদ দিৱস। নলবাৰীত আছুৰ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন। কলাক্ষেত্ৰতো শ্বহীদ দিৱসৰ অনুষ্ঠানত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পনৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে অগপই। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...