ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে
শিক্ষাৰ উন্নয়নৰ দিশত অসমৰ এক নতুন দিগন্ত গঢ়ি উঠিছে: মুখ্যমন্ত্রী
অতীতৰ গৌৰৱক স্মৰণ, বৰ্তমানৰ চাহিদা পূৰণ আৰু ভৱিষ্যতৰ প্ৰযুক্তিক জয় কৰিব পৰাকৈ ক্ষমতা আহৰণ কৰিবলৈ বিদ্যার্থী সমাজক আহ্বান মুখ্যমন্ত্ৰীৰ

দিছপুৰ, ২৩ ডিচেম্বৰ : ৰাজ্যখনৰ সামগ্রিক বিকাশ আৰু কল্যাণৰ লক্ষ্যৰে যোৱা ১১ ডিচেম্বৰৰ পৰা ‘বিকাশৰ ১২ দিন’ নামেৰে আৰম্ভ কৰা অবিৰত যাত্ৰাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাত প্রজ্ঞান ভাৰতী আঁচনি ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ ডি বি টি যোগে নগদ পুৰষ্কাৰ প্ৰদান কৰে।

মুখ্যমন্ত্রীয়ে ডিব্রুগড় জিলাৰ ২,৫৯৩ গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰাৰ লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ডিব্ৰুগড় জিলাৰ ১,২৫৫ গৰাকী শিক্ষাৰ্থীক নগদ পুৰষ্কাৰ প্ৰদান কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে ২০২৪-২৫ বৰ্ষত নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা জিলাখনৰ ১০,২৭০ গৰাকী শিক্ষার্থীক চাইকেল প্রদান কৰে।

এই উপলক্ষে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে বিকাশৰ ১২ দিনৰ ভিতৰত বিদ্যার্থী সমাজৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰাৰ লগতে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ গ্রহণ কৰা আই-মাতৃসকলক ঋণ মুক্ত কৰা হয়। তেওঁ লগতে কয় য়ে বানপানীৰ সময়ত ক্ষতিগ্রস্ত লোকক এই সময়ছোৱাত সহায় আগবঢ়োৱা হৈছিল। এই ১২ দিন অসমৰ বিকাশৰ বাবে উৎসর্গিত কৰা হৈছিল। মুখ্যমন্ত্রীয়ে কয় যে তেওঁ নিজে আৰু অসম মন্ত্রীসভাৰ সদস্যসকলে বিভিন্ন জিলালৈ গৈ এই কার্যসূচীত অংশগ্ৰহণ কৰে আৰু এই সময়ছোৱাত ২০ লাখ লোকক নতুনকৈ ৰেচন কার্ড বিতৰণ কৰা হয়। ৪৮,৬৭৩ গৰাকী শিক্ষার্থীক ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে ২,৫৯৩ খন স্কুটাৰ লাভ কৰি ডিব্ৰুগড় জিলাই প্রথম পাঁচখন জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই আঁচনিখন আৰম্ভ কৰাৰ পৰা ১ লাখ ৯ হাজাৰ ছাত্ৰ- ছাত্রী উপকৃত হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল যে এই বছৰটোত ৫০ হাজাৰ ছাত্র-ছাত্রী এই আঁচনিখনে সামৰি লৈছে। সর্বাধিক ছাত্র-ছাত্রীয়ে এই বঁটা লাভ কৰাৰ জৰিয়তে ৰাজ্যখনৰ শৈক্ষিক পৰিৱৰ্তনক বলিষ্ঠ ভাবে প্রতিনিধিত্ব কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত প্রত্যেক পাঁচ কিলোমিটাৰ দূৰত্বত একোখনকৈ হাইস্কুল থাকিব লাগে। তেনে উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ সুবিধার্থে নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষার্থীসকলক চাইকেল প্রদান কৰিছে। অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় পৰ্যায়ৰ হিচাপত ১৭ নম্বৰ ৰাজ্য হিচাপে পৰিচিত। ছাত্ৰ-ছাত্ৰীৰ দিশৰ পৰা চালে অসমে আজি ৰাষ্ট্ৰৰ ভিতৰত এক অথবা দুই স্থানত আছে। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে শৈক্ষিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে আঁচনিৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে।
শিক্ষাৰ উন্নয়নৰ দিশত অসমত এক নতুন দিগন্ত গঢ়ি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বছৰি প্রায় ১৫ শ কোটিৰ পৰা ২ হাজাৰ কোটি টকা ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰি আহিছে। ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষিত কৰি উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব বিচাৰিছে যাতে এই বিদ্যার্থী সমাজে ৰাজ্যখনৰ বিকাশক এটি নতুন পর্যায়লৈ লৈ যাব পাৰে। মুখ্যমন্ত্রীয়ে কয় যে মেধাৰ ভিত্তিত চাকৰি লাভ কৰাৰ বাবে এটা নতুন মানদণ্ড গঢ়ি তোলা হৈছে। বৰ্তমানৰ ৰাজ্য চৰকাৰে মেধা আৰু স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রদান কৰাৰ বাবে সাধাৰণ তথা দৰিদ্ৰ পৰিয়ালৰ সন্তানেও চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। এয়াই পৰিৱৰ্তিত আৰু বিকশিত অসম বুলিও তেওঁ মন্তব্য কৰে। আন্দোলন কৰি, চান্দা সংস্কৃতি গঢ়ি তুলি অসমীয়া জাতিয়ে আগুৱাই যাব নোৱাৰে। ছাত্র-ছাত্রীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্রত হিচাপে ল’লেহে অসমখনৰ পৰিৱৰ্তন হ’ব। পৃথিৱীৰ শ্ৰেষ্ঠ জাতিসমূহে নতুন প্ৰজন্মক উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজখনক পৰিৱৰ্তন কৰিছে। তামিলসকলে শিক্ষাৰ পোহৰ বিলোৱাৰ বাবেহে আন্দোলন কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত ৮০ৰ দশকৰ পৰা ৰাজ্যখনে শৈক্ষিক ক্ষেত্রত ক্ষীপ্র গতিৰে আগবাঢ়ি যায়। মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন শিক্ষা প্রতিষ্ঠান স্থাপন আৰু শৈক্ষিক আঁচনিৰে অসমত এটা শিক্ষাৰ উত্তৰণৰ আন্দোলন আৰম্ভ কৰা হৈছে। জীৱনৰ ভৱিষ্যৎ নিজৰ ওপৰত নিৰ্ভৰ কৰে। ভালদৰে শিক্ষা আহৰণ কৰিলে জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনো বাধা আহিব নোৱাৰে বুলিও তেওঁ কয়।

Popular

More like this
Related

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

সমাগত গণৰাজ্য দিৱস । কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা...

আহি আছে বৰষুণ, ২৭ জানুৱাৰীলৈ কুঁৱলীয়ে ঢাকি ধৰিব আকাশ

ৰাজ্যত ঠাণ্ডাৰ সমান্তৰালভাৱে আহিব পাৰে বৰষুণ। পূব বাংলাদেশৰ ফালে...

তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া মুছলিমাৰ

মৰ্মান্তিক ঘটনা। কাছাৰৰ বৰখলাত তামোল গছ পৰি মৃত্যু পাঁচ...

ছইফ আলী খানৰ পৰিয়ালে হেৰুৱাব পূৰ্বপুৰুষৰ সম্পত্তি!

নিজৰ বাসগৃহত অবৈধ বাংলাদেশীৰ হাতত প্ৰহৃত ঘটনাৰ বিষয়ে আপুনি...