ধলাইৰ খুলিছৰাত মিজোৱে জ্বলালে অসমৰ গাঁও

গুৱাহাটী, ২০ জুলাই, NKTV: অসম-মিজোৰাম সীমান্তত অব্যাহত আছে মিজোৰ আগ্ৰাসন। মিজো দুৰ্বৃত্তৰ উপদ্ৰৱ সহিব নোৱাৰি এতিয়া অসম মিজোৰাম সীমান্তৰ পৰা পলাইছে অসমৰ গঞা। শিলচৰৰ ধলাই বিধানসভা সমষ্টিৰ মিজোৰাম সীমান্তত নগাৰ আগ্ৰাসন অব্যাহত আছে। দক্ষিণ ধলাইৰ খুলিছৰা অঞ্চলত মিজো আৰক্ষীয়ে কেইবাখনে গাঁও জ্বলাই দিয়াৰ খবৰ আহিছে। খুলিছৰা খালৰ দক্ষিণ পাৰত মিজোৰাম আৰক্ষী বাহিনীৰ আই আৰ বাহিনীয়ে চলোৱা উপদ্ৰৱত থাকিব নোৱাৰি অসমৰ একাংশ বাসিন্দাই ঘৰৰ সা-সামগ্ৰী লৈ নিৰাপদ ঠাইলৈ পলায়ন কৰিছে। সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে। উল্লেখ্য যে,মুখ্যমন্ত্ৰীয়ে সীমান্ত সমস্যাক লৈ মুখ্য সচিব পৰ্যায়ত আলোচনা অব্যাহত আছে বুলি আজি প্ৰকাশ কৰিছে যদিও মিজো আৰক্ষীয়ে অসমৰ ভূমিত বেদখল চলাই থকাৰ খবৰ আহিছে প্ৰতিদিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...