গৃহবন্দী হৈ থাকিব লাগিব ভেকচিন নোলোৱা লোক

বলবৎ হ’ল NO VACCINE, NO ENTRY। দুপালি ভেকচিন নোলোৱা লোকৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। এক প্ৰকাৰ গৃহবন্দী হৈ থাকিব লাগিব ভেকচিন নোলোৱা লোক। হাস্পতালৰ বাহিৰে যিকোনো চৰকাৰী, ৰাজহুৱা স্থানত প্ৰৱেশ নিষেধ ভেকচিন নোলোৱা লোকৰ। হোটেল, মল আদিতো প্ৰৱেশ কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকসকলে। যাত্ৰা কৰিব নোৱাৰিব ৰে’ল, বাছ, বিমানেৰে। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনে লোকক প্ৰৱেশ কৰিবলৈ দিলে ভৰিব লাগিব জৰিমনা। ২৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ব্যৱসায়ীক প্ৰতিষ্ঠানখনে। ভেকচিন নল’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা-খাদ্য নাপাব। ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰী আহিব নোৱাৰিব কাৰ্যালয়লৈ। এনে কৰ্মচাৰীসকলক বাধ্যতামূলক বেতনবিহীন ছুটী। স্বাস্থ্য-ফ্ৰণ্টলাইন কৰ্মীয়ে বুষ্টাৰ ড’জ নল’লে নাপাব দৰমহা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...