গৃহবন্দী হৈ থাকিব লাগিব ভেকচিন নোলোৱা লোক

বলবৎ হ’ল NO VACCINE, NO ENTRY। দুপালি ভেকচিন নোলোৱা লোকৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। এক প্ৰকাৰ গৃহবন্দী হৈ থাকিব লাগিব ভেকচিন নোলোৱা লোক। হাস্পতালৰ বাহিৰে যিকোনো চৰকাৰী, ৰাজহুৱা স্থানত প্ৰৱেশ নিষেধ ভেকচিন নোলোৱা লোকৰ। হোটেল, মল আদিতো প্ৰৱেশ কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকসকলে। যাত্ৰা কৰিব নোৱাৰিব ৰে’ল, বাছ, বিমানেৰে। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনে লোকক প্ৰৱেশ কৰিবলৈ দিলে ভৰিব লাগিব জৰিমনা। ২৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ব্যৱসায়ীক প্ৰতিষ্ঠানখনে। ভেকচিন নল’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা-খাদ্য নাপাব। ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰী আহিব নোৱাৰিব কাৰ্যালয়লৈ। এনে কৰ্মচাৰীসকলক বাধ্যতামূলক বেতনবিহীন ছুটী। স্বাস্থ্য-ফ্ৰণ্টলাইন কৰ্মীয়ে বুষ্টাৰ ড’জ নল’লে নাপাব দৰমহা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...