এইবাৰ আৰক্ষীৰ জালত ‘থানাৰ দালাল’; ১৩টাকৈ থানাৰ দালালক আটক আৰক্ষীৰ

পুনৰ দালাল বিৰোধী অভিযান অসম আৰক্ষীৰ। ছয়গাঁও আৰু বকো আৰক্ষীৰ দালাল বিৰোধী বৃহৎ অভিযান৷ দুপৰ নিশাৰ পৰা শেষ নিশালৈ চলিল এই অভিযান ৷ গৰৈমাৰী, সোণতলী, জোৰশিমুলী, ছয়গাঁও আৰু বকো আৰক্ষীয়ে চলালে অভিযান ৷

অভিযানত গৰৈমাৰী আৰক্ষীয়ে আটক কৰিলে পাঁচটাকৈ দালাল ৷ সমান্তৰালভাৱে জোৰশিমুলী আৰক্ষীয়ে আটক কৰিছে দুটাকৈ দালাল ৷ সেইদৰে সোণতলী আৰক্ষীয়ে আটক কৰিছে পাঁচটাকৈ দালাল। একেনিশাই ছয়গাঁও আৰু বকো আৰক্ষীয়ে আটক কৰিছে মুঠ ১৩টাকৈ থানাৰ দালাল ৷

আইনাল হক, আয়ান আলী, আবুল কালাম আজাদ, ইউছুপ আলী আৰু ওৱাজেদ আলীক আটক কৰিছে গৰৈমাৰী আৰক্ষীয়ে, আনহাতে জোৰশিমুলী আৰক্ষীয়ে আটক কৰিছে নজৰুল ইছলাম আৰু বাহাৰ আলীক৷ সেইদৰে বকোৰ সোণতলী আৰক্ষীয়ে আটক কৰিছে চাৰিটাকৈ দালালক৷ আটকাধীন দালাল কেইটা ক্ৰমে পৰান আলী, ৰেজাউল হক, জয়ান আল, মহুৰ উদ্দিন আৰু ৰবিউল হক ওৰফে কালু’ক৷ আটকাধীন আটাইকেইজন দালালক সম্প্ৰতি বকো আৰু ছয়গাঁও থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...