বিধানসভা নিৰ্বাচন পিছুওৱাৰ দাবী পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

বিধানসভা নিৰ্বাচন পিছুৱাবলৈ দাবী জনাইছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে। অহা ১৪ ফেব্ৰুৱাৰীত গুৰু ৰবিদাস জয়ন্তীৰ বাবে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ দিন ৬দিন পিছুওৱাবলৈ দাবী জনাই নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী চিন্নীয়ে। উল্লেখ্য যে, ৰাজ্যখনৰ ১১৭টা বিধানসভা সমষ্টিত অহা ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’‍ব বুলি নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব অহা ১০ মাৰ্চত। মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰলৈ প্ৰেৰণ কৰা পত্ৰত মু্খ্যমন্ত্ৰী চান্নীয়ে উল্লেখ কৰে যে অহা ১৬ ফেব্ৰুৱাৰীত গুৰু ৰবিদাসৰ জন্ম বাৰ্ষিকী। ৰাজ্যখনৰ ৩২ শতাংশ লোকেই অনুসূচীত জাতি হোৱা হেতুকে পিছুৱাই দিয়া উচিত বুলি মুখ্যমন্ত্ৰীয়ে কয়। অৱশ্যে, এতিয়ালৈকে নিৰ্বাচন আয়োগে কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...