অসমত বিভিন্ন জীৱ-জন্তুৰ মাজত আয়োজিত যুঁজৰ ইতিহাস বহু পুৰণি : মুখ্যমন্ত্রী

আঁহতগুৰিৰ ঐতিহাসিক ম’হ যুঁজ উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

অসমত বিভিন্ন জীৱ-জন্তুৰ মাজত আয়োজিত যুঁজৰ ইতিহাস বহু পুৰণি : মুখ্যমন্ত্রী

অসমৰ পৰম্পৰাগত সম্পদসমূহ পুনৰ এবাৰ ৰাইজৰ মাজলৈ লৈ যাবৰ বাবে কৰা প্রচেষ্টাক ধন্যবাদ জনালে মুখ্যমন্ত্রীয়ে

আঁহতগুৰিৰ ঐতিহাসিক ম’হ যুঁজ উপলক্ষে আঁহতগুৰি আঞ্চলিক ম’হ যুঁজ আৰু ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্রত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি অংশগ্রহণ কৰি আঁহতগুৰিবাসীৰ লগতে অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনায়। মুখ্যমন্ত্রীয়ে ভোগালীৰ আনন্দই সমাজৰ পৰা অসূয়া- অমংগল দূৰ কৰি সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনিব বুলিও আশা প্রকাশ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বাপতিসাহোন মাঘ বিহুৰ লগত ৰজিতা খুৱাই ৰাজ্যত পৰম্পৰাগত পশু-পক্ষী যুঁজ, বিভিন্ন অঞ্চলত বিভিন্ন ৰং-ধেমালিৰ মাজেৰে অসমীয়া জাতিয়ে কিছুমান ঐতিহাসিক পৰম্পৰা মানি চলি আহিছে। অঞ্চলভেদে এই পৰম্পৰাসমূহৰ ঐতিহ্যও বেলেগ বেলেগ। আঠ বছৰ পিছত কালি পুহ মাহৰ সংক্ৰান্তিৰ দিনা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বুলবুলি চৰাইৰ যুঁজ প্রত্যক্ষ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মাঘৰ প্রথম দিনটোত ঐতিহাসিক আঁহতগুৰিত ম’হ যুঁজত উপস্থিত থাকিবলৈ পাই মই অতিশয় সুখী। ইয়াৰ বাবে আয়োজক সকলৰ লগতে আঁহতগুৰিবাসীক মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে অসমত বিভিন্ন জীব-জন্তুৰ মাজত আয়োজিত যুঁজৰ ইতিহাস বহু পুৰণি। ভাষণ প্রসংগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত প্রথমবাৰৰ বাবে সূচনা হোৱা এই যুঁজৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে হাতী যুঁজ, কুকুৰা যুঁজ, শেন মেলা আদি খেল এইগৰাকী ৰজাই আৰম্ভ কৰিছিল। ইয়াৰ বাবে ৰংঘৰ সজা হৈছিল বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে বাঁহী আলোচনীত অসমৰ ম’হ যুঁজৰ পৰম্পৰাৰ কথা কিদৰে আলোকপাত কৰা হৈছিল সেই বিষয়েও ভাষণত সদৰি কৰে।

দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৪ চনত দিয়া এটা ৰায়দানৰ বাবে কেইটামান বছৰ আঁহতগুবিব এই পৰম্পৰাগত ম’ই যুঁজৰ এক বিৰতি হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি এই ঐতিহ্যক পুনৰুদ্ধাৰ কৰি ম’হ যুঁজ প্রতিযোগিতা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া নীতি- নিয়ম (এচ অ’ পি) মানি চলিবলৈ জনসাধাৰণক আহ্বান জনোৱাৰ লগতে ম’হৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় সেই দিশতো দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়। অসমৰ পৰম্পৰাগত সম্পদসমূহ পুনৰ এবাৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে কৰা প্রচেষ্টাক মুখ্যমন্ত্রীয়ে ধন্যবাদ জনায়। এনেধৰণে অসমীয়া জাতিয়ে বিশ্বৰ বুকুত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহধর্মিনী ৰিণিকি ভূঞা শর্মা, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা, বিধায়কসকল ক্রমে ৰমাকান্ত দেউৰী, ৰূপক শর্মা, জিতু গোস্বামী, শশীকান্ত দাস, বিশিষ্ট ছবি পৰিচালিকা তথা অভিনেত্রী আইমী বৰুৱা, জিলা আযুক্ত দেৱাশিষ শর্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, আঁহতগুৰি আঞ্চলিক ম’হ যুঁজ আৰু ভোগালী উৎসৱ উদযাপন সমিতিৰ সভাপতি নাথুৰাম হাজৰিকা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...