অসম চৰকাৰে শিক্ষকসকলৰ বাবে মঞ্জুৰ কৰিব বিশেষ ১২ দিনীয়া ছুটি

অসম চৰকাৰে শিক্ষকসকলৰ বাবে মঞ্জুৰ কৰিব বিশেষ ১২ দিনীয়া ছুটি। এই বিশেষ ছুটি দিব ১০দিনীয়া বিপশ্যনা সাধনা শিবিৰত অংশগ্ৰহণ কৰিবলৈ।

এখন সুস্থ, সবল, শান্তি সম্প্ৰীতিপূৰ্ণ সমাজ গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলে আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বৰ্তমান সময়ত শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক বা সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে পৰিৱৰ্তিত যুগৰ লগত খোজ মিলাবলৈ যাওঁতে সন্মুখীন হ’বলগীয়া হৈছে বহুতো প্ৰত্যাহ্বানৰ। এই প্ৰত্যাহ্বানৰ বাবেই সৃষ্টি হয় মানসিক চাপ, দুশ্চিন্তা, উদ্বেগ, হতাশা, ক্ৰোধ, ভয় ইত্যাদি। ক্ৰমানুগতভাৱে এনে পৰিস্থিতিৰ বাবে সলনি হৈছে সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ মানসিকতা। আৰু মানসিকতা পৰিবৰ্তনৰ বাবেই আজি সমাজৰ প্ৰতিটো স্তৰৰ সম্পৰ্ক যেনে শিক্ষক-ছাত্ৰ ছাত্ৰী, সন্তান-অভিভাৱক, শিক্ষক-অভিভাৱক আদিত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তাৰ প্ৰত্যক্ষ ফলাফল সমাজত প্ৰতিফলিত হৈছে।

ইয়াৰ একমাত্ৰ সমাধান মনক বিকাৰ-বিহীন কৰি নিৰ্মল কৰি তোলা, ই সম্ভৱ কেৱল সাধনাৰ (Meditation) জৰিয়তে। বিপশ্যনা সাধনা হৈছে বিজ্ঞানসন্মতভাৱে মনৰ বিকাৰ দূৰ কৰি মনক নিৰ্মল আৰু শক্তিশালী কৰি তোলে। মন শক্তিশালী হ’লে জীৱনৰ কঠিন পৰিস্থিতিবোৰৰ সৈতে সন্মুখীন হ’বলৈ সহজ হৈ পৰে। বিপশ্যনা সাধনাৰ জৰিয়তে মনৰ পৰা ভয়, দুশ্চিন্তা, মানসিক চাপ, উদ্বেগ, হতাশা, খং আদি বিকাৰ সমূহ দূৰ কৰি সঁচা অৰ্থত সুখ-শান্তিৰ জীৱন যাপন কৰাটো সম্ভৱ হৈ পৰে। এই সাধনা শিকিবলৈ বিপশ্যনা সাধনা কেন্দ্ৰত ১০দিনীয়া শিবিৰত অংশগ্ৰহণ কৰাটো আৱশ্যক। অসমৰ গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত বিপশ্যনা সাধনা কেন্দ্ৰ আছে। এই ১০দিনীয়া আবাসিক প্ৰশিক্ষণ সম্পুৰ্ণৰূপে বিনামূলীয়া।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...