অসম চৰকাৰে শিক্ষকসকলৰ বাবে মঞ্জুৰ কৰিব বিশেষ ১২ দিনীয়া ছুটি

অসম চৰকাৰে শিক্ষকসকলৰ বাবে মঞ্জুৰ কৰিব বিশেষ ১২ দিনীয়া ছুটি। এই বিশেষ ছুটি দিব ১০দিনীয়া বিপশ্যনা সাধনা শিবিৰত অংশগ্ৰহণ কৰিবলৈ।

এখন সুস্থ, সবল, শান্তি সম্প্ৰীতিপূৰ্ণ সমাজ গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলে আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বৰ্তমান সময়ত শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক বা সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে পৰিৱৰ্তিত যুগৰ লগত খোজ মিলাবলৈ যাওঁতে সন্মুখীন হ’বলগীয়া হৈছে বহুতো প্ৰত্যাহ্বানৰ। এই প্ৰত্যাহ্বানৰ বাবেই সৃষ্টি হয় মানসিক চাপ, দুশ্চিন্তা, উদ্বেগ, হতাশা, ক্ৰোধ, ভয় ইত্যাদি। ক্ৰমানুগতভাৱে এনে পৰিস্থিতিৰ বাবে সলনি হৈছে সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ মানসিকতা। আৰু মানসিকতা পৰিবৰ্তনৰ বাবেই আজি সমাজৰ প্ৰতিটো স্তৰৰ সম্পৰ্ক যেনে শিক্ষক-ছাত্ৰ ছাত্ৰী, সন্তান-অভিভাৱক, শিক্ষক-অভিভাৱক আদিত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তাৰ প্ৰত্যক্ষ ফলাফল সমাজত প্ৰতিফলিত হৈছে।

ইয়াৰ একমাত্ৰ সমাধান মনক বিকাৰ-বিহীন কৰি নিৰ্মল কৰি তোলা, ই সম্ভৱ কেৱল সাধনাৰ (Meditation) জৰিয়তে। বিপশ্যনা সাধনা হৈছে বিজ্ঞানসন্মতভাৱে মনৰ বিকাৰ দূৰ কৰি মনক নিৰ্মল আৰু শক্তিশালী কৰি তোলে। মন শক্তিশালী হ’লে জীৱনৰ কঠিন পৰিস্থিতিবোৰৰ সৈতে সন্মুখীন হ’বলৈ সহজ হৈ পৰে। বিপশ্যনা সাধনাৰ জৰিয়তে মনৰ পৰা ভয়, দুশ্চিন্তা, মানসিক চাপ, উদ্বেগ, হতাশা, খং আদি বিকাৰ সমূহ দূৰ কৰি সঁচা অৰ্থত সুখ-শান্তিৰ জীৱন যাপন কৰাটো সম্ভৱ হৈ পৰে। এই সাধনা শিকিবলৈ বিপশ্যনা সাধনা কেন্দ্ৰত ১০দিনীয়া শিবিৰত অংশগ্ৰহণ কৰাটো আৱশ্যক। অসমৰ গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত বিপশ্যনা সাধনা কেন্দ্ৰ আছে। এই ১০দিনীয়া আবাসিক প্ৰশিক্ষণ সম্পুৰ্ণৰূপে বিনামূলীয়া।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...