১৯১ কোটি টকাৰ ৰাজহ লোকচান, ১ এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ মাচুল

সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি। মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ। ৰাজহ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি বিদ্যুতৰ মাচুল। ক’ভিডৰ বাবে যোৱা দুটা বছৰত লোকচানৰ সন্মুখীন হৈছিল ৭৮০ কোটি টকাৰ। ১৯১ কোটি টকাৰ ৰাজহ লোকচান বিদ্যুৎ বিভাগৰ।
২০১৯-২০ত বন্ধ আছিল কপিলী, কাৰ্বি লাংপি প্ৰকল্প। দুয়োটা প্ৰকল্প বন্ধ থকাত অধিক দামত ক্ৰয় কৰিব লগা হৈছিল বিদ্যুৎ। ৫৪৬ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে মাচুল বৃদ্ধি। বৈদ্যুতিক নিয়ামক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই সদৰি কৰিছে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...