গুৱাহাটীৰ পৰা বাহিৰলৈ যাব নোৱাৰিব, বাহিৰৰ পৰাও আহিব নোৱাৰিব!

বুধবাৰে পুৱা ৫ বজাৰে পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন SOP। কামৰূপ মহানগৰ জিলাক বাদ দি অন্যান্য জিলাসমূহত ক্ষেত্ৰত আন্তঃজিলা যাতায়াত যথেষ্ট শিথিল। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে প্ৰকাশ কৰিলে নতুন ক’ভিড SOP।

  • গুৱাহাটীৰ পৰা বাহিৰলৈ যাব নোৱাৰিব আপুনি
  • বাহিৰৰ পৰা গুৱাহাটীলৈও আহিব নোৱাৰিব আপুনি
  • ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব সান্ধ্য আইন
  • সন্ধিয়া ৬ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান
  • কামৰূপ(মঃ) জিলাক বাদ দি আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম
  • ব্যক্তিগত বাহনেৰে আন্তঃজিলা যাতায়াতত অনুমতি
  • ৰাজহুৱা পৰিবহণ, যাত্ৰী পৰিবাহী বাহনত বাহাল থাকিব নিষেধাজ্ঞা
  • কামৰূপ(মঃ) জিলাৰ পৰা অন্য জিলালৈ আৰু অন্য জিলাৰ পৰা কামৰূপ(মঃ)লৈ আহিব নোৱাৰিব
  • যুগ্ম-অযুগ্ম দুয়োটা সংখ্যাৰ বাহনে চলাব পাৰিব আপুনি
  • MBBSৰ চূড়ান্ত বৰ্ষ, BSc নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনীয়াৰিঙৰ চূড়ান্ত বৰ্ষ, GNMৰ তৃতীয় বৰ্ষৰ পাঠদান হ’‍ব
  • দুয়োপালি ক’ভিড ভেকচিন লোৱা শিক্ষাৰ্থীকহে শ্ৰেণীকোঠালৈ অহাৰ অনুমতি
  • ৰিজ’ৰ্ট, হোটেল, ধাবাসমূহ ৫০% গ্ৰাহকেৰে সন্ধিয়া ৬ বজালৈ খোলা ৰাখিব পাৰিব
  • বন্ধ থাকিব চিনেমা হল
  • বিবাহ, সকাম আদি অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫জনে
  • কামাখ্যা মন্দিৰ তথা ঐতিহ্যপূৰ্ণ স্থানত প্ৰতি ঘণ্টাত ২০জন লোক প্ৰৱেশ কৰিব পাৰিব
  • ধৰ্মীয় স্থানত সৰ্বাধিক ১০জন লোকে অংশগ্ৰহণ কৰিব পাৰিব
  • বিমানবন্দৰত দুয়োপালি ক’ভিড ভেকচিন লোৱা যাত্ৰীয়ে নালাগে ক’ভিড পৰীক্ষা কৰিব
  • নামঘৰসমূহত নাম-কীৰ্তনত অংশ ল’ব পাৰিব ৫০% ভক্তই
  • এপালি ক’ভিড ভেকচিন লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীও আহিব লাগিব কাৰ্যালয়লৈ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...