বটদ্ৰৱাৰ বুলড’জাৰকাণ্ডক লৈ বিপদত অসম চৰকাৰ

বটদ্ৰৱা কাণ্ডক লৈ পুনৰ জোকাৰণি দিছপুৰত। এইবাৰ জোকাৰণি বৰভূঁইকপৰ। বটদ্ৰৱা থানাত লগা জুয়ে উত্তপ্ত কৰি তুলিছিল ৰাজ্য। সেই জুইত ঘিউ ঢালি একাংশই কৰিব বিচৰা অপকৰ্মক লৈ এতিয়া চৰ্চা পুনৰ আৰম্ভ হৈছে।

২০২২ চনৰ ২১ মে’ৰ দিনা বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাবে বটদ্ৰৱা শালনাবড়িৰ ছফিকুল ইছলাম নামৰ লোক এজনৰ মৃত্যু হৈছিল। ছফিকুল নামৰ মাছমৰীয়াজনক কিবা কাৰণত ধৰি আনিছিল বটদ্ৰৱা আৰক্ষীয়ে। তেওঁক এৰি দিয়াৰ বিনিময়ত পৰিয়ালক আৰক্ষীয়ে হাঁহ বিচাৰিছিল। পিছৰ সন্ধিয়া হাঁহ লৈ আহোঁতে পৰিয়ালে গম পালে। ছফিকুলৰ মৃত্যু হৈছে। সেই কথা গম পোৱাৰ পাছতে সংঘটিত হৈছিল সেই ভয়ানক বটদ্ৰৱা থানা জ্বলোৱা কাণ্ড। তেতিয়া নগাঁৱৰ SP আছিল লীনা দ’লে। আৰক্ষী থানাখনক সুৰক্ষা দিব নোৱাৰি নগাঁও আৰক্ষীয়ে উৰহৰ খং ভগা ধাৰিত জাৰি পিছদিনাই বুলড’জাৰ লগাই ভাঙি লণ্ড-ভণ্ড কৰিছিল মৃত্যু হোৱা ছফিকুল ইছলামৰ লগতে আত্মীয়ৰ বাসগৃহ। আৰক্ষীয়ে এই ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা আচিকুল ইছলাম নামৰ এজন অভিযুক্তৰো ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল লীনা দলে নেতৃত্বাধীন নগাঁও আৰক্ষীৰ জিম্মাত। সমগ্ৰ ঘটনাক লৈ কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল সেই সময়ৰ নগাঁও আৰক্ষীৰ বিষয়াসকল। আদালতে কৈছিল ঘৰ ভঙাৰ অধিকাৰ আৰক্ষীক কোনে দিলে? ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস জোশীক দিয়া হৈছিল সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব। সোধা-পোছাৰ বাবে হাজিৰো হৈছিল লীনা দলে। এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই নগাঁও আৱৰ্ত ভৱনত চি বি আইৰ জেৰাৰ সন্মুখীন হৈছিল লীনা। তাৰ পাছতে বটদ্ৰৱাকাণ্ডৰ তদন্ত কমিটীৰ ওচৰতো জবাব দিবলগীয়া হৈছিল লীনা দলেয়ে। বটদ্ৰৱাকাণ্ডৰ অভিযুক্তৰ ঘৰত বুলড’জাৰ চলাওঁতে খুঁত ৰৈ গৈছিল। এই ভুল স্বীকাৰ কৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আদালতে তেতিয়া কঠোৰ নিৰ্দেশনা দিছিল। আদালতৰ নিৰ্দেশনাত আতংকিত হৈ চৰকাৰে উচ্ছেদিত ৭ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছিল। কেঁচা ঘৰৰ বাবে আঢ়ৈ লাখ টকা আৰু পকী ঘৰৰ বাবে ১২ লাখ টকাকৈ দিলে ক্ষতিপূৰণ। সেই টকাৰে এতিয়া ঘৰ নিৰ্মাণৰ কাম কৰি আছে উচ্ছেদিতৰ পৰিয়ালে। ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই ঘটনাত দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও নিৰ্দেশনা প্ৰদান কৰিছিল। ন্যায়ালয়ে শুনানিত উচ্ছেদ আৰু ছফিকুলৰ মৃত্যৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছে সেয়াও জানিবলৈ বিচাৰিছিল। তেতিয়া চৰকাৰে আদালৰ পৰা তিনি সপ্তাহৰ সময় বিচাৰিলে। তিনি সপ্তাহ হল এতিয়া আদালতে চৰকাৰক সুধিছে দোষী কাক কি শাস্তি দিয়া হ’ল। এই প্ৰশ্নৰ উত্তৰত দিয়া শপতনামাত অসম চৰকাৰে আদালতক কৈছে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ প্রতীম কুমবাং আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। বটদ্ৰৱাত বুলডোজাৰ চলোৱা ঘটনাত দোষী ৩জন আৰক্ষী বিষয়া। এই শপতনামাক লৈ সন্তুষ্ট নহয় আবেদনকাৰী পক্ষ। তেওঁলোকৰ অভিযোগ এই উচ্ছেদ কাণ্ডত কেৱল এই তিনিজন বিষয়াই জড়িত নাছিল। আৰু ডাঙৰ ডাঙৰ বিষয়া জড়িত আছিল উচ্ছেদ কাণ্ডত। এই শপতনামাক লৈ উত্থাপিত হৈছে একাধিক প্ৰশ্ন। একাধিক অভিযোগ। শপতনামাত থকা বিষয়া উচ্ছেদস্থলীত নাছিল। উচ্ছেদস্থলীত থকা বিষয়াৰ নাম শপতনামাত নাই। থানা জ্বলোতে তেতিয়াৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, এতিয়াৰ আৰক্ষী সঞ্চালকপ্ৰধান তথা তেতিয়াৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিং গৈছিল বটদ্ৰৱালৈ। তদানীন্তত আৰক্ষী সঞ্চালকপ্ৰধান লীনা দলেও গৈছিল বটদ্ৰৱালৈ। উচ্ছেদৰ সময়ত কোন কোন আছিল। সেই উত্তৰত কিন্তু অসম চৰকাৰে নাম লোৱা আৰক্ষী বিষয়া মাত্ৰ ৩জন। অভিযুক্তৰ বাসগৃহ উচ্ছেদ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত কৰা হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল তেতিয়া। নগাঁৱৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ কি ভুল হৈছিল সেয়া বিচাৰ কৰা হ’ব বুলিও কৈছিল মুখ্যমন্ত্ৰীয়ে। এতিয়া কিন্তু চৰকাৰে দাখিল কৰা শপতনামাত লীনা দলেৰ নাম নাই। কিয়। ইয়াকে লৈ এতিয়া ৰাজ্যজুৰি হৈ চৈৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিৰোধীৰ মাজত। বটদ্ৰৱা কাণ্ড আছিল চৰকাৰৰ হিটলাৰী কাণ্ড! আৰক্ষীক ধন দিব নোৱাৰাৰ বাবেই হত্যা কৰা হৈছিল ছফিকুল ইছলামক। আছিকুৰ ৰহমান নামৰ ছাত্ৰজনক ইচ্ছাকৃতভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিছিল। এইদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে। কেৱল তিনিজন আৰক্ষী বিষয়া নহয়। এই ঘটনাত বহু শীৰ্ষ লোক জড়িত আছে। এখন ঘৰ উচ্ছেদ কৰোঁতে SPৰ অনুমতি নাছিল নেকি, SPএ কাৰো অনুমতি নোলোৱাকৈ ঘৰ ভাঙিবলৈ দিছিল নেকি? উচিত তদন্ত আমি বিচাৰিছোঁ। দোষীয়ে উচিত শাস্তি পাওক। আৰক্ষীয়েই আইন হাতত তুলি লৈছিল। প্ৰতিক্ৰিয়া বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হোৱাটোৱেই স্বাভাৱিক। চৰকাৰে ভুল কৰিছে। সেই ভুলৰ বাবে চৰকাৰক ককৰ্থনা কৰিছে উচ্চ ন্যায়ালয়ে। ভুলৰ শুধৰণি কৰিছে চৰকাৰে। সেই শুধৰণিতো পুনৰ ত্ৰুটি ধৰা পৰিছে চৰকাৰৰ। এয়া যেন এতিয়া চৰকাৰ আৰু ধিঙৰ সেই ঘটনাৰ ভুক্তভোগীৰ যুঁজ হৈ থকা নাই। এতিয়া এয়া চৰকাৰ আৰু ন্যায়ালয়ৰ যুঁজ।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...