মৃত্যু হ’ল বেলেগৰ, বেলেগৰ ফটোত সকলোৱে লিখিলেহি RIP… উপায়ন্তৰ হৈ যুৱতীৰ পোষ্ট, ‘আৰে বাবা মই জীয়াই আছোঁ’

বেংগালুৰুত মায়া গগৈ হত্যাৰ নতুন টুইষ্ট। ‘আৰে বাবা মই জীয়াই আছোঁ’ বুলি সদৰী কৰিলে স্বয়ং মায়া গগৈয়ে। ইউটিউবাৰ মায়া গগৈয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে এই কথা। বেংগালুৰু আৰক্ষীয়ে প্ৰকাশ কৰা যুৱতীৰ ফটোক লৈ বিভ্ৰান্তি। ‘হত্যা’ৰ বলি হোৱা মায়া গগৈ অন্য এজনী যুৱতীহে। এই মায়া গগৈৰ সন্ধানত চলিছে আৰক্ষীৰ অভিযান। বেংগালুৰুত নৃশংস হত্যাৰ বলি হৈছিল অসমীয়া যুৱতীগৰাকী। ৰুমমেটেই চুৰীৰে ঘপিয়াই ঘপিয়াই মায়াক হত্যা কৰাৰ সন্দেহ। পলাতক অৱস্থাত আছে অভিযুক্ত ৰুমমেট অৰৱ হাৰ্ণি। মৃতদেহৰ সৈতে অভিযুক্তই দুদিন কটোৱা বুলি দাবী আৰক্ষীৰ। ২৩ নৱেম্বৰত এপাৰ্টমেন্টটোলৈ গৈছিল মায়া আৰু অৰৱ। ২৪ নৱেম্বৰত ঘাতকে মায়াক হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। মায়াৰ বুকুত চোকা অস্ত্ৰৰে কৰা কেইবাটাও আঘাতৰ চিন স্পষ্ট। বাংগালুৰুৰ কোৰামংগলাত চাকৰিও কৰিছিল মায়া গগৈয়ে। ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত অব্যাহত বাংগালুৰু আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...