বানত বুৰিছে কাজিৰঙা-পবিতৰা

বানত বুৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পবিতৰা অভয়াৰণ্যৰো ৮০ শতাংশ বনাঞ্চল বানৰ কবলত। কাজিৰঙাৰ বুঢ়াপাহাৰ, বাগৰি, কঁহৰা আৰু অগৰাতলী আটাইকেইটা বনাঞ্চলতে এতিয়া পানী। অগৰাতলী বনাঞ্চলৰ ২৮টা বন শিবিৰ এতিয়া বানৰ কৱলত। কাজিৰঙাৰ মুঠ ২২৩টা বন শিবিৰৰ ১২৩টা বন শিবিৰেই এতিয়া প্লাবিত। উদ্যানৰ ভিতৰত পানী হোৱাত ওখ স্থান বিচাৰি ওলাই আহিছে বন্য জীৱ-জন্তু। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান কৰিছে বহু বন্য জীৱই। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ দক্ষিণৰ কাৰ্বি পাহাৰলৈ গতি কৰিছে গঁড়, হাতী, হৰিণাই। বানৰ ফলত মৃত্যু হৈছে ৫টাকৈ হৰিণাৰ। এনে পৰিস্থিতিত বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰাকচালক আৰু অন্যান্য বাহনৰ চালকসকলক ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যিমান পাৰি এৰাই চলিবলৈ আহ্বান জনাইছে। ট্ৰাকচালক সকলক NH-15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। ঘাইপথৰ ওপৰত বনকৰ্মীয়ে চোকা নজৰ ৰাখিছে যাতে বিপদত নপৰে বন্যজন্তু। কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য আৰু ভাৰসাম্যৰ বাবে বান অপৰিহাৰ্য। হাইলেণ্ড নিৰ্মাণৰ পিছত জীৱ-জন্তুৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...