বিদেশী বিনিয়োগ বিচাৰি বিহুৰ পিছতে বিদেশলৈ যাব মুখ্যমন্ত্ৰী

বিদেশী বিনিয়োগ বিচাৰি বিহুৰ পিছতে বিদেশলৈ যাব মুখ্যমন্ত্ৰী। দুটা পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিব দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ। প্ৰথম পৰ্যায়ত সাতদিনীয়া ভ্ৰমণসূচীৰে যাব দক্ষিণ কোৰিয়া, জাপানলৈ। ১৯-২৫ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিব দক্ষিণ কোৰিয়া, জাপান। বিদেশ ৰাষ্ট্ৰ দুখনত এডভাণ্টেজ আছাম-২ৰ ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰী। ১০-১৩ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাব ছিংগাপুৰলৈ। ছিংগাপুৰতো এডভাণ্টেজ আছাম-২ৰ ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ পূৰ্বে বিদেশ ভ্ৰমণলৈ যাব কেইবাজনো মন্ত্ৰী। ইতিমধ্যে থাইলেণ্ডত এডভাণ্টেজ আছাম-২ৰ ৰোড শ্ব’ত অংশ মন্ত্ৰী কেশৱ মহন্তৰ। থাইলেণ্ড চৰকাৰৰ মন্ত্ৰী–বিষয়াৰ সৈতেও বৈঠকত মিলিত মন্ত্ৰী কেশৱ মহন্ত। ফ্ৰান্স, ডুবাই, ইংলেণ্ড ভ্ৰমণ কৰিব উদ্যোগ মন্ত্ৰী বিমল বৰাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...