১ নৱেম্বৰৰ পৰা তিনিচুকীয়াত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থমেলা’

বিশিষ্ট গ্ৰন্থকাৰ আৰু নবীন লেখকৰ অংশগ্রহণেৰে জীপাল হ’ব ‘চলিহা নগৰ খেলপথাৰ’

১ নৱেম্বৰৰ পৰা তিনিচুকীয়া চহৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব দহদিনীয়া ‘অসম গ্ৰন্থমেলা, তিনিচুকীয়া’। এই গ্রন্থমেলাত দিল্লী, কলকাতাৰ উপৰি অসমৰ বহু উল্লেখযোগ্য প্ৰকাশক আৰু গ্ৰন্থ বিক্রেতাই ভাগ ল’ব বুলি নিশ্চিতি প্ৰদান কৰিছে। তিনিচুকীয়াৰ চলিহা নগৰস্থিত খেলপথাৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে এই গ্রন্থমেলা অনুষ্ঠিত হ’ব। তিনিচুকীয়া, ধেমাজি তথা ডিব্ৰুগড় জিলাৰ নবীন লেখকসকলৰ উপৰি তিনিচুকীয়া জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক এই গ্ৰন্থমেলাৰ সৈতে সংযুক্ত কৰাৰ বাবে আয়োজকসকলে ইতিমধ্যে বিভিন্ন অনুষ্ঠান, প্রতিযোগিতা আদিৰ পৰিকল্পনা কৰিছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে ১ নৱেম্বৰত বিয়লি ৩ বজাত হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানলৈ কেইবাগৰাকী বিশিষ্ট লেখকক আমন্ত্রণ জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ চহৰত ৩১ অক্টোবৰৰ পৰা অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অনিবার্য কারণবশতঃ এই গ্ৰন্থমেলাৰ সময়সূচী পিছুৱাই দিয়া হৈছে। পৰৱৰ্তী সময়ত লখিমপুৰত হ’বলগীয়া ‘অসম গ্ৰন্থমেলাৰ সময়সূচী ঘোষণা কৰা হ’ব বুলি সচিবে বিজ্ঞপ্তিটোত জানিবলৈ দিছে। উক্ত সময়খিনিতে তিনিচুকীয়া চহৰত অসম গ্ৰন্থমেলা’ আয়োজন কৰিবলৈ লোৱা সিদ্ধান্তৰ প্রতি প্রকাশক তথা গ্রন্থ বিক্ৰেতাসকলে আদৰণি জনাইছে। এই গ্ৰন্থমেলা আয়োজন কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা আয়ুক্ত তথা তিনিচুকীয়া পৌৰসভাৰ চেয়াৰমেনে জনোৱা সঁহাৰি তথা সহযোগৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই ধন্যবাদ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...