শাৰদীয় দুর্গোৎসৱ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ শুভেচ্ছা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শাৰদীয় দুর্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক শুভেচ্ছা বার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে প্ৰাচীন কালৰে পৰা ভাৰতত দেৱী পূজাৰ পৰম্পৰা চলি আহিছে। পুৰাণ, উপনিষদ আদি সনাতন আধ্যাত্মিক গ্রন্থসমূহৰ মাজেৰে দেৱী পূজাই মাহাত্ম্য লাভ কৰিছিল। বৈদিক যুগৰে পৰা অসুৰ বিনাশকাৰিণী দুৰ্গাক হিন্দুৱে জ্যোতির্ময়ী মাতৃ- মূৰ্তি ৰূপে পূজা কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে দুর্গা পূজাৰ লগত ভক্তি, শ্ৰদ্ধা আৰু সাধনাৰ প্রাবল্য আছে। এই উৎসৱ পালনৰ জৰিয়তে মানুহৰ মাজত সামাজিক, নৈতিক আৰু আধ্যাত্মিক বান্ধোন সুদৃঢ় হয় । দুর্গা পূজাৰ অন্তর্নিহিত বৈশিষ্ট্যই আমাৰ মাজত শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ বান্ধোন আৰু সংহতি কঢ়িয়াই আনে। মুখ্যমন্ত্রীয়ে কয় যে দেৱ-দেৱীৰ পূজা-অৰ্চনাই আমাক মানৱতাবোধৰ দিশেৰে জীৱন পৰিচালিত কৰিবলৈ উদ্বুদ্ধ কৰে। শৰৎ কালৰ দেৱীৰ উপাসনা হ’ল অপশক্তি নাশেৰে সত্যক প্রতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ। মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে শাৰদীয় দুর্গোৎসৱে আমাৰ মাজত বৰ্তি থকা শান্তি, সম্প্রীতি, প্রেম তথা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্রাণিত কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...